চামগুৰিত আৰ্তনাদ কৰিছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তীয়ে

চামগুৰিত আৰ্তনাদ কৰিছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তীয়ে

নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি ভকত গাঁৱৰ এখন হাবিত বিগত এসপ্তাহ ধৰি অৱস্থান কৰিছে নিঃসহায় এটা বনৰীয়া হাতীয়ে। বন্যহস্তীটোৰ পিছ ঠেঙত স্পষ্ট হৈ আছে গভীৰ আঘাতৰ চিন। কোনো দুৰ্বৃত্তই যাঠী মাৰি হাতীটোক গুৰুতৰ ভাবে আহত কৰাৰ সন্দেহ ৰাইজৰ।

অসুস্থ বনৰীয়া হাতীটোৰ বিষয়ে বহু দিন পূৰ্বৰে পৰা বন বিভাগ জ্ঞাত যদিও আজি পৰ্য্যন্ত খাদ্য আৰু চিকিৎসা প্ৰদান কৰাত কাণষাৰ নিদিয়াৰ অভিযোগ শালনা আঞ্চলিক বন বিভাগৰ বিৰুদ্ধে। উপায়ন্তহৈ তিনিদিন ধৰি স্থানীয় ৰাইজে হাতীটোক খাবৰ বাবে যোগান ধৰিছে কলগছ। বন বিভাগৰ এনে চুড়ান্ত দ্বায়িত্ব জ্ঞানহীনতাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com