ছয় বছৰীয়া ডেৰেক চি লালচ্চানহিমালৈ পেটাৰ বিশেষ সন্মান

ছয় বছৰীয়া ডেৰেক চি লালচ্চানহিমালৈ পেটাৰ বিশেষ সন্মান
Published on

মিজোৰামৰ এটি ৬ বছৰীয়া শিশু ডেৰেক চি লালচ্চানহিমাক পুৰস্কৃত কৰিছে পেটাই (PETA) অৰ্থাৎ পিপল্স ফৰ দ্য এথিকেল ট্ৰীটমেন্ট অফ এনিমেলছ।কণমাণি ডেৰেকে জীৱ জন্তৰ প্ৰতি মানৱীয়তা প্ৰদৰ্শন কৰাৰ বাবে এই শিশুটিক স্বীকৃতি প্ৰদান কৰিছে পিপল্স ফৰ দ্য এথিকেল ট্ৰীটমেন্ট অফ এনিমেলছে ৷

চলিত বৰ্ষৰ ৪ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে মিজোৰামৰ কণমানি ডেৰেকৰ চাইকেলখনে এটি কুকুৰাৰ পোৱালিক খুন্দা মৰাৰ পিছত, আঘাতপ্ৰাপ্ত কুকুৰাৰ পোৱালিটোক লৈ চিকিৎসালয়লৈ গৈছিল শিশুটি ৷ মন কৰিব লগীয়া যে হাতত মাত্ৰ ১০ টকা লৈ চিকিৎসকৰ ওচৰলৈ গৈছিল কণমানি ডেৰেক।

ইফালে এই সমগ্ৰ ঘটনাটো ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ পোৱাৰ পিছত ডেৰেকৰ ছবিখনে সমগ্ৰ বিশ্ব জুৰি চৰ্চা লাভ কৰিছিল ৷ আৰু ডেৰেকৰ ছবিখনে লাভ কৰিছিল প্ৰায় ৭৮০০০ শ্বেয়াৰ আৰু ১০০০০ কমেন্ট ৷ ইয়াৰ পিছতেই মানৱতাৰ জয়গান গোৱা ডেৰেক চি লালচ্চানহিমালৈ পেটাই আগবঢ়াই এই সন্মান ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com