ডিগবৈৰ ৰাজীৱ ভৱনত সম্বৰ্ধনা সভা আয়োজন

ডিগবৈৰ ৰাজীৱ ভৱনত সম্বৰ্ধনা সভা আয়োজন
Published on

ডিগবৈৰ ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ অন্যান্য পিছপৰা জাতি বিভাগৰ নবনিযুক্তি চেয়াৰমেন আৰু কো: চেয়াৰমেনৰ সম্বৰ্ধনা সভা অনুস্থিত কৰা হয় । উক্ত সম্বৰ্ধনা সভাত অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ অন্যান্য পিছপৰা জাতি বিভাগৰ নবনিযুক্তি চেয়াৰমেন নোমল বৰাৰ লগতে কো: চেয়াৰমেন মনোজ ধনোৱাৰ ক সম্বৰ্ধনা জনোৱা হয়। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ অন্যান্য পিছপৰা জাতি বিভাগে আয়োজন কৰা এই সভাখনিত তিনিচুকীয়া জিলা কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা সকল উপস্থিত থাকি নবনিযুক্তি চেয়াৰমেন সকলক লৈ কংগ্ৰেছ দলৰ হৈ কিদৰে কাম-কাজ সমূহ আগবঢ়াই যাব তাৰ ওপৰত বক্তব্য ৰাখে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com