ডুমডুমাত হিমন্ত বিশ্বৰ নিৰ্বাচনী প্ৰচাৰ: মোদী চৰকাৰক পুনৰ ক্ষমতালৈ আনিবলৈ আহ্বান

ডুমডুমাত হিমন্ত বিশ্বৰ নিৰ্বাচনী প্ৰচাৰ: মোদী চৰকাৰক পুনৰ ক্ষমতালৈ আনিবলৈ আহ্বান

নেডাৰ আহ্বায়ক তথা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ডুমডুমাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে । নিৰ্বাচনী সভাতে নৰেন্দ্ৰ মোদী চৰকাৰক পুনৰ ক্ষমতা লৈ আনিবলৈ জনসাধাৰণক আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মাই ইম্ফলৰ পৰা হেলিকপ্টাৰে আহি ডুমডুমাৰ টাউন ফিল্ডত উপস্থিত হয় । উপস্থিত হৈ জনসভা সম্বোধন কৰি কয় কেন্দ্ৰীয় চৰকাৰ যথেষ্ট শক্তিশালী । বিদেশী ৰাষ্ট্ৰৰ ভূমিত প্ৰবেশ কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব পৰা ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ আছে বুলি প্ৰকাশ কৰে । আনহাতে বিজেপি চৰকাৰ খন এখন সহনশীল চৰকাৰ বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ কৰে যে বিজেপি চৰকাৰ খনে ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্ম, মহিলা আৰু দুখীয়া লোকসকলৰ কল্যাণৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পুৰ্বৰ কংগ্ৰেছ চৰকাৰে দুখীয়া লোকসকলক প্ৰতি ৫০০ টকাৰ ধুতি, লুঙি আৰু কম্বল বিতৰণ কৰিছিল । কিন্তু বিজেপি চৰকাৰ খনে অভাৱী ছাত্ৰ ছাত্ৰীৰ বাবে ১০,০০০ টকাৰ স্কলাৰশ্বিপ দিয়াৰ লগতে, বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা আৰু ৭০০ টকা থকাৰ বাবদ দিয়াৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে ।

"আমাৰ চৰকাৰ খন এখন সহনশীল চৰকাৰৰ হোৱাৰ বাবে সকলোবোৰ সুবিধা প্ৰদান কৰিছে" বুলি প্ৰকাশ কৰে । "এতিয়া আপোনালোকে চিন্তা কৰক আমি আপোনালোকৰ বাবে কি কৰিছো আৰু পুৰ্বৰ চৰকাৰ খনে কি কৰিলে " বুলিও প্ৰশ্ন উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে কংগ্ৰেছ এটা সাম্প্ৰদায়িক দল । লক্ষিমপুৰ লোকসভাৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰদান বৰুৱাই প্ৰাৰ্থিত্ব প্ৰদান কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com