দুৰ্নিতীমুক্ত ৰাজ্য হোৱাৰ পথত অসম : সোনোৱাল

দুৰ্নিতীমুক্ত ৰাজ্য হোৱাৰ পথত অসম : সোনোৱাল

দেশৰ ভিতৰতে এখন উল্লেখযোগ্য দুৰ্নীতি মুক্ত ৰাজ্য হোৱাৰ পথত আগবাঢ়িছে অসম।বৃহস্পতি বাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য আগবঢ়াই। দায়িত্ব গ্ৰহন কৰাৰ প্ৰথম দিনটোৰ পৰাই এখন দুৰ্নীতি মুক্ত ৰাজ্য গঢ়া আমাৰ মূল লক্ষ্য আছিল আৰু প্ৰত্যাশিত ভাবেই ৰাজ্য চৰকাৰে বহুকেইটা কেলেংকাৰী উন্মোচিত কৰাত সফল হয় বুলি সোনোৱালে কয়। বৃহস্পতি বাৰে নতুন দিল্লীত ইণ্ডিয়া টু ডে গ্ৰুপৰ দ্বাৰা আয়োজিত 'ৰাষ্ট্ৰৰ ৰাজ্য সন্মিলনত' অংশগ্ৰহন কৰি সোনোৱালে তেওৰ চৰকাৰৰ দিনত এম জি এনৰেগাৰ লাখ লাখ ভূৱা সংস্থাপন বাটিল কৰা বুলি উল্লেখ কৰে, তাৰোপৰি ৩৬০০০ৰো অধিক ভূৱা ৰেচন কাৰ্ড,৭০০০০ হাজাৰৰো অধিক পঞ্জীয়ন ভূক্ত অবৈধ বৃদ্ধ পেঞ্চন হিতাধিকাৰীক চিনাক্ত কৰি উলিয়াই আৰু ৰাজ্যৰ সৰ্ববৃহৎ এ পি এচ চি কেলেংকাৰী সফলভাবে উৎখাত কৰে বুলি বক্তৱ্য আগবঢ়াই।

বৃহস্পতিবাৰে অনুষ্ঠিত সন্মিলন খনত ইণ্ডিয়া টু ডে গ্ৰুপৰ ফালৰ পৰা স্বাস্থ্য,অৰ্থনীতি সকলোদিশতে কৰা দ্ৰুত বিকাশৰ বাবে অসমক শ্ৰেষ্ঠ ৰাজ্যৰ বটা আগবঢ়াই। মুখ্যমন্ত্ৰী সোনোৱালে উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ পৰা গুজৰাট, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই বঁটাটো গ্ৰহণ কৰে।সোনোৱালে ২০১৫-২০১৬ চনৰ ৭০১১ কৌটি ৰাজহৰ বিপৰীতে ২০১৭-২০১৮ চনত ২১ শতাংশ ৰাজহ সংগ্ৰহ বৃদ্ধিৰে মুঠ ৮৪৫৭ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰা বুলি উল্লেখ কৰে আৰু ৰাজ্যৰ ঘৰুৱা সমস্যা সমুহ সমাধান কৰি কৃষি অৰ্থনীতি সৱলীকৰণত গুৰুত্ব প্ৰদান কৰা্ বুলি কৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com