দেশবাশীলৈ সকাহ ; হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য

দেশবাশীলৈ সকাহ ; হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য

দেশবাসীলৈ সুখবৰ ৷ হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰণে তাৰ প্ৰভাৱ পৰিছে দেশৰ বজাৰত ৷ বৃহস্পতি বাৰে ৰাজধানী দিল্লীত ডিজেলৰ মূল্য ০.৪১ পইচা হ্ৰাস হোৱাৰ বিপৰীতে পেট্ৰ’লৰ মূল্য হ্ৰাস হয় ০.৩৭ পইচা ৷ সম্প্ৰতি পেট্ৰ’লৰ মূল্য ৭২.৮৭ টকা আৰু ডীজেলৰ মূল্য ৬৭.৭২ টকালৈ হ্ৰাস পালে ৷ ইফালে চলিত বৰ্ষত ৰাজধানী দিল্লীত ২৭ মাৰ্চত পেট্ৰ’লৰ মূল্য আছিল ৭২.৯০ টকা ৷ কলিকতাত পে’ট্ৰলৰ মূল্য আছিল ৭৫.৬৩ টকা৷অন্যহাতে চলিত বৰ্ষৰ ৩০ জুলাইত দিল্লীত ডীজেলৰ মূল্য আছিল ৬৭.৭৫ টকা,কিন্তু ৪ মাহৰ পিছত বৃহস্পতিবাৰে প্ৰতি লিটাৰ ডীজেলৰ মূল্য ৬৭.৭২ টকালৈ হ্ৰাস পায়।

অন্যহাতে,প্ৰাপ্ত তথ্য অনুসৰি, দেশীয় বজাৰত এলপিজিৰ মূল্য প্ৰায় ১০০০ টকা পৰ্যন্ত হোৱাৰ আশংকা কৰা হৈছে ৷ ইণ্ডিয়ান অইলৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি,আন্তঃৰাষ্ট্ৰীয় বজাৰত পে’ট্ৰল ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰণে বিগত সময়ত ইন্ধনৰ মূল্য হ্ৰাস পাইছে ৷ ৰাজধানী দিল্লীত ১৮ অক্টোবৰৰ পৰা পে’ট্ৰলৰ মূল্য হ্ৰাস হয় প্ৰায় ৯.৯৬ টকা৷ইয়াৰ বিপৰীতে ডিজেলৰ মুল্য হ্ৰাস হয় প্ৰতি লিটাৰত প্ৰায় ৭.৯৭ টকা ৷ উল্লেখ্য যে, ৰাজধানী দিল্লীত ১৭ অক্টোবৰত পেট্ৰ’লৰ মুল্য আছিল প্ৰতিলিটাৰত ৮২.৮৩ টকা, ইয়াৰ বিপৰীতে বৃহস্পতি বাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৭২.৮৭ টকা৷আনহাতে ১৭ অক্টোবৰত ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত ৭৫.৬৯ টকা৷ইয়াৰ বিপৰীতে বৃহস্পতি বাৰে ডিজেলৰ মূল্য হয়গৈ প্ৰতিলিটাৰত ৬৭.৭২ টকা ৷ সম্প্ৰতি পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস হোৱাত সকাহ পাইছে সাধাৰণ জনগণে ৷ বিগত মাহত পেট্ৰ’ল ডিজেলৰ মূল্যই শতকৰ ঘৰ গৰকি যোৱাৰ আশংকা প্ৰকাশ কৰিছিল দেশৰ জনগণে ৷ পেট্ৰ’ল ডিজেলকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰসংগক লৈ দেশৰ জনসাধাৰণে ৰাজপথ উত্তাল কৰাৰো নজিৰ আছে ৷ সম্প্ৰতি পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস হোৱাত সকাহ পাইছে দেশৰ জনগণে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com