দৰং জিলা পৰিষদৰ ১৪ আসনৰ ৭ খনেই মহিলাৰ বাবে সংৰক্ষিত

দৰং জিলা পৰিষদৰ ১৪ আসনৰ ৭ খনেই মহিলাৰ বাবে সংৰক্ষিত

ৰাজ্যত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰি নিৰ্বাচনৰ নিদিষ্ট দিন বাৰ ঘোষণা কৰাৰ পিছতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো প্ৰতিটো ৰাজনৈতিক দলৰ লগতে জিলা প্ৰশাসনো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । জিলাখনত ১৪ টা জিলা পৰিষদ সমষ্টি, ৭৫ খন গাওঁ পঞ্চায়ত, ৬ খন আঞ্চলিক পঞ্চায়তৰ মাজত অধাংশ মহিলাৰ বাবে সংৰক্ষিত হোৱাত প্ৰতিটো দলৰে প্ৰাৰ্থী নিৰ্বাচনত আউল লাগিছে। শাসকীয় বিজেপি, কংগ্ৰেছ, এজিপি ইউ ডি এফ সকলো দলে উপযুক্ত প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰাখিছে। ১৪ টা জিলা পৰিষদৰ অন্যতম চপাই জিলা পৰিষদ সমষ্টিটো অসনুসূচিত জাতি মহিলাৰ বাবে সংৰক্ষিত হোৱাত হাবাথুৰি খাইছে প্ৰতিটো ৰাজনৈতিক দলে। তেনেদৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ ক্ৰমে দেৱানন্দ-ছিপাঝাৰ আৰু দুনী-দিপীলা দলগাঁও সমষ্টিৰ লালপুৰ, শ্যামপুৰ, বিহুদিয়া আৰু কলাইগাওঁ সমষ্টিৰ লক্ষীমপুৰ-টেঙাবাৰী পৰিষদীয় সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাত উপযুক্ত তথা সবল প্ৰাৰ্থীৰ অভাৱত ভুগিছে ৰাজনৈতিক দলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com