নগাঁও কাগজ কল কৰ্মীয়ে মানৱ শৃখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ

নগাঁও কাগজ কল কৰ্মীয়ে মানৱ শৃখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ

কালি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰিলে ভাৰতৰ ভিতৰত দীঘল ৰেল আৰু মটৰ গাড়ী চলাচল কৰিব পৰা বগীবিল দলং। অসমৰ ৰাইজক নৱ বৰ্ষৰ প্ৰাক ক্ষণত বগীবিল দলং উপহাৰ দিয়া নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দাবী সমূহ সমাধানৰ বাবে সাব্যস্ত কৰা হ'ল প্ৰতিবাদ। অসমৰ হিন্দুস্তান কাগজ নিগমৰ অন্তৰ্গত নগাঁও কাগজ কলৰ কাগজ নিগম কৰ্মী পৰিষদৰ কৰ্মীসকলে মংগলবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কাগজ কলৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত মানৱ শৃংখল গঠন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ বন্ধ হৈ থকা দুটা কাগজ কল পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ৰাজ্যিক চৰকাৰ খনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বাবে প্ৰতিবাদ সাব্যস্ত কৰি এই মানৱ শৃখলটো গঠন কৰা হয়। চেণ্টিনেলৰ সাংবাদিকৰে হোৱা মুখামুখিত কাগজ নিগম কৰ্মী পৰিষদৰ সভাপতি ধীৰণ চন্দ্ৰ বৰা আৰু সম্পাদক আনন্দ বৰদলৈয়ে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুলি মন্তব্য কৰে। প্ৰতিবাদ কাৰী সকলে কয় যে কেন্দ্ৰীয় চৰকাৰ ফালৰ পৰা প্ৰধান মন্ত্ৰী আৰু ৰাজ্যিক চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰমাগত প্ৰতিশ্ৰুতিৰ পিছতো পেপাৰ ক'ল দুটাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম নকৰিলে। কাগজ নিগম কৰ্মী পৰিষদে বহুদিনৰ পৰা অসমৰ বন্ধ হৈ থকা কাগজ ক'ল দুটা মুকলি কৰাৰ বাবে আৰু কাগজ ক'লটোত কৰ্মৰত কৰ্মী সকলৰ বন্ধহৈ থকা দৰমহা মুকলি কৰি দিয়াৰ বাবে দাবী জনাই আহিছে।

কৰ্মী পৰিষদে সোম বাৰে কাগজ ক'লত কাম কৰি ইতিমধ্যে স্বৰ্গগামী হোৱা লোক সকলক শ্ৰদ্ধা জনাই মম বাতি জ্বলাইয়ো ৰেলী কৰে। প্ৰতিবাদী দলটোৰ কৰ্মী এজনে সদৰি কৰা অনুযায়ী এতিয়ালৈ কাগজ কলত কাম কৰা ৪৭ জন শ্ৰমিকে আৰ্থিক দুৰৱস্থাৰ বাবে মৃত্যুক আকোৱালী লব লগা হৈছে। সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কাগজ ক'লটোত কাম কৰা কাতসিং বৰদলৈ নামৰ এজন কৰ্মচাৰীয়েও সোমবাৰে আত্মহত্যাৰ চেস্টা কৰিছিল। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দুয়োটা কাগজ ক'লৰ কৰ্মচাৰী সকলে কেন্দ্ৰ চৰকাৰক কাগজ ক'ল দুটাৰ কৰ্মীসকলৰ বন্ধ হৈ থকা বহু মাহৰ দৰমহা মোকলাই দিয়াৰ বাবে দাবী জনাই আহিছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালেও নিৰ্বাচনৰ প্ৰাকক্ষণত কাগজ ক'ল দুটাক মুকলি কৰাৰ বাবে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি আঢ়ৈ বছৰ সময় উকলি যোৱাৰ পিছত সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। চলিত পঞ্চায়ত নিৰ্বাচনৰ সময়তো কাগজ কলটোৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি প্ৰদান কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com