নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা জনসাধাৰণৰ

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা জনসাধাৰণৰ
Published on

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি সোমবাৰে পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক বিশাল গণ সভা অনুষ্ঠিত হয়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছু, সোণোৱাল কছাৰী ছাত্ৰ সংগঠনকে ধৰি ৩০ টাতকৈ অধিক জনগোষ্ঠীয় সংগঠনৰ আহ্বান অনুসৰি এক বৃহৎ সংখ্যক জণসাধাৰণে এই সভাত অংশ লৈ প্ৰস্তাৱিত বিধেয়ক খনৰ বিৰোধিতা কৰে। এই সভাত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন মানুহে যোগদান কৰে আৰু তেওঁলোকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ কেন্দ্ৰই কৰা যো-জা কেতিয়াও সফল হ'বলৈ নিদিয়ে বুলি সদৰি কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com