নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত বিৰোধীৰ প্ৰস্তাৱ প্ৰত্যাখান

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত বিৰোধীৰ প্ৰস্তাৱ প্ৰত্যাখান

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ সন্দৰ্ভত সোমবাৰে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ লগত এখন বৈঠক অনুষ্ঠিত হয় ৷এই বৈঠকখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীসকলৰ জেপিচিলৈ পৰামৰ্শ আছিল যে,অসমৰ চুবুৰীয়া দেশৰ তালিখনৰ পৰা বাংলাদেশক আঁতৰাই পঠাব লাগে নহ’লে অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বেহুৰ পৰা আঁতৰাব লাগে ৷ ইফালে বৈঠকখনত যেতিয়া কম সংখ্যক বিৰোধী সদস্য বিধেয়কখনৰ বিৰুদ্ধে ওজৰ আপত্তি কৰে তেতিয়া ভোটৰ দ্বাৰা এটা সিদ্ধান্তত উপনীত হোৱাৰ কথা উল্লেখ কৰে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই।

অন্যহাতে এই ভোটদান ভিত্তিতে বিৰোধী দলীয় সদস্যসকলৰ উত্থাপিত বিষয়সমূহ প্ৰত্যাখান কৰা হয় । লগতে এই ভোটৰ মাধ্যমতে সম্প্ৰতি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰণৰ দিশত আগবাঢ়িছে ৷ ইফালে নতুন দিল্লীৰ আই এ এন এছৰ এক তথ্য অনুসৰি ২০১৯ চনৰ ৭ জানুৱাৰীত যুটীয়া সংসদীয় সমিতিয়ে এক ৰিপ’ৰ্ট প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ৷এই সন্দৰ্ভত ৰাজেন্দ্ৰ আগৰৱালাৰ এক মন্তব্য অনুসৰি আমি আজি বিধেয়ক খনৰ সন্দৰ্ভত বিস্তাৰিত ভাৱে আলোচনা কৰিলোঁ ৷ কিছু প্ৰস্তাৱিত সংশোধনটো বিচাৰ কৰিছোঁ ৷তাৰে কিছু খাৰিজ কৰিলোঁ ৷ লগতে ৭ জানুৱাৰীৰ ভিতৰত এই সন্দৰ্ভত এক তথ্য দাঙি ধৰাৰ প্ৰসংগৰ কথাও উল্লেখ কৰে ৷

এক বিশেস সূত্ৰৰ তথ্য অনুসৰি যুটীয়া সংসদীয় সমিতিয়ে অহা ৩ জানুৱাৰীত এখন বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পানা কৰিছে ৷ লগতে শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এক তথ্য দাঙি ধৰিব পাৰে ৷ উল্লেখ্য যে ,যুটীয়া সংসদীয় বৈঠকখনত উপস্থিত থকা জেপিচিৰ সদস্য তথা কংগ্ৰেছৰ সাংসদ ভূৱনেশ্বৰ কলিতাই দ্য চেন্টেনেলৰ আগত কয় যে,আমি সংখ্যাত সীমিত,তৃণমূল কংগ্ৰেছৰ পৰা দুজন,কংগ্ৰেছৰ ওচৰত তিনিজন আছিল ৷ জেপিচিৰ বৈঠকত বহুত বিপক্ষীয় সদস্য উপস্থিত আছিল। আমি আমৰ আপত্তিসমূহ দাখিল কৰিলোঁ ৷কিন্তু আমি ভোটদান প্ৰক্ৰিয়াত আগবাঢ়িব নোৱাৰিলো ৷ লগতে ৩ জানুৱাৰীত হ’ব লগা বৈঠকখনত নিজৰ মতামত দাঙি ধৰিব বুলিও ক’লে ভূৱনেশ্বৰ কলিতাই ৷

অন্যহাতে অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ আদিবাসী তথা উত্তৰ পুৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহে সংসদত বিতৰ্কিত বিধেয়ক খন গৃহীত কৰাৰ পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে ৷ এই পৰ্যায়ৰ বিৰোধ তথা প্ৰতিবাদৰ মাজত বিজেপি চৰকাৰে খনে বিধেয়ক গৃহীত কৰিবলৈ উঠি পৰি লাগিছে ৷লগতে কয় যে চৰকাৰখনে বিধেয়কখন গৃহীত কৰিবলৈ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছে ৷ সম্ভৱত, চৰকাৰখনে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চৰ লোকসকলৰ তুলনাত বাংলাদেশী হিন্দুসকলৰ হিতৰ কাৰণে অধিক আগ্ৰহী ৷ কিন্তু এনেধৰণৰ আগ্ৰহে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনাৰ কথা উল্লেখ কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা ল সেয়া হ’ব লক্ষ্যনীয় অনাগত দিনত ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com