নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰসংগলৈ প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অসম গণ পৰিষদে

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰসংগলৈ প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অসম গণ পৰিষদে

অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰসংগলৈ পুনৰ বাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিব। বৃহস্পতি বাৰে অসমৰ জাতীয়তাবাদী দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আৰু কেন্দ্ৰীয় কেবিনেটে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে অনুমোদন জনোৱা উচ্চস্তৰীয় সমিতি গঠনৰ সন্দৰ্ভত এখম দলীয় বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই সাংবাদিকক সাক্ষাৎ কৰি কয় যে আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সম্পৰ্কে স্থিতি সম্পূৰ্ণ স্পষ্ট। আমি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত ৰাজপথত নামিছো। নতুন দিল্লীত বিধেয়ক খন সম্পৰ্কে যুতীয়া সংসদীয় সমিতিৰ বৈঠক চলি থকা সময়ত আমি তাতো বিধেয়কখনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আমি দেশৰ প্ৰধান মন্ত্ৰী নেৰন্দ্ৰ মোডীক, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ আৰু যুতীয়া সংসদীয় সমিতিৰ সচিৱকো লগ কৰিছো। অসম গণ পৰিষদৰ সভাপতি জনে আকৌ কয় যে আমি শেষ পৰ্যন্ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰি যাম।

অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰ হিচাপে থাকি ৰাজ্যত চৰকাৰ গঠন কৰি আছে, মিত্ৰ দল হিচাপে অসম গণ পৰিষদে অসম চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আৰু দেশৰ প্ৰধান মন্ত্ৰীক পুনৰ সাক্ষাৎ কৰি অসম গণ পৰিষদৰ বিধেয়ক খন সম্পৰ্কে স্থিতি স্পষ্ট কৰিম বুলিও অতুল বৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। কেন্দ্ৰীয় কেবিনেটে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে অনুমোদন জনোৱা উচ্চস্তৰীয় সমিতি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে অসম গণ পৰিষদ, কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত আশ্বস্ত নহয়। অসম চুক্তিক সম্পুৰ্ণৰূপে ৰূপায়ণ কৰাটো অসমৰ বাবে অতিকে গুৰুত্বপূৰ্ণ।

অসম গণ পৰিষদে সদায়ে অসম চুক্তিত উল্লেখ থকা অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা কথাটোত বিশ্বাস কৰি আহিছে আৰু ভবিষ্যতেও কৰি যাব। অসম গণ পৰিষদে অসমৰ ছয়টা জাতি-জনগোষ্ঠীক এচটি মৰ্য্যদা প্ৰদান কৰা কথাটো সমৰ্থন কৰি আহিছে। অসমত জনসাধাৰণে অসম গণ পৰিষদৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে লৈ থকা স্থিতিক সমালোচনা কৰি আহিছে। উল্লেখ্যযে কেন্দ্ৰীয় কেবিনেটে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনত অনুমোদন জনাইছিল। সদৌ ্অসম ছাত্ৰ সন্থাকে ধৰি ্অসমৰ আন দল-সংগঠন সমূহেও কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এয়া এক শৰযন্ত্ৰ বুলি অভিহিত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰৰ অসম চুক্তিক সম্পুৰ্ণভাবে ৰূপায়ণ কৰাৰ বাবে সৎ সাহস নাই বুলিও সমালোচনা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com