নাগৰিকত্ব সংশোধনী বিধেয়কখন ২০১৬ ৰ সন্দৰ্ভত ৭ জানুৱাৰীত জেপিচিৰ সংসদত প্ৰতিবেদন দাখিল

নাগৰিকত্ব সংশোধনী বিধেয়কখন ২০১৬ ৰ সন্দৰ্ভত ৭ জানুৱাৰীত জেপিচিৰ সংসদত প্ৰতিবেদন দাখিল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে চলিত বৰ্ষৰ ৭ জানুৱাৰীত সংসদত প্ৰতিবেদন দাখিল কৰিব । বিভিন্ন দাবী আপত্তিৰ মাজত যুটীয়া সংসদীয় সমিতিয়ে বৃহস্পতিবাৰে প্ৰতিবেদনখনক অন্তিম ৰূপ দিয়ে ৷ এই সন্দৰ্ভত যুদীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই কয় যে,আমি জানুৱাৰী ৭ তাৰিখে সংসদত প্ৰতিবেদন দাখিল কৰিম ৷ লগতে কয় যে আমাক লোকসভা অধ্যক্ষইও বিধেয়কখনৰ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷

ইফালে বিধেয়ক খনৰ সন্দৰ্ভত ৰাজেন্দ্ৰ আগৰৱালাই কয় যে সংসদত বিধেয়কখনৰ সন্দৰ্ভত চৰ্চা হ’ব পাৰে ৷ অন্যহাতে কিছু সংখ্যক লোকে বিধেয়কখনৰ সন্দৰ্ভত বিৰোধিতা কৰাৰ লগতে অন্যান্য কিছু সংখ্যক লোকে বিধেয়কখনক সন্মতি দিয়ে ৷ কিন্তু এইটো আছিল এটি সৰ্বসন্মত সিদ্ধান্ত ৷উল্লেখ্য যে,বুধবাৰে যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰি থকাৰ সময়তে অসমৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হৈ অহা কংগ্ৰেছৰ সাংসদ তথা কমিটীৰ সদস্য ভূৱনেশ্বৰ কলিতাই বৈঠক বৰ্জন কৰে ৷ কাৰণ যুটীয়া সংসদীয় সমিতিয়ে বিপক্ষীয় সদস্যসকলৰ উপদেশৰ আধাৰতে বিধেয়কখনৰ সন্দৰ্ভত কোনো সংশোধন নোলোৱাকৈয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিবেদন দাখিল কৰিবলৈ উঠি পৰি লাগিছিল ৷ ইয়াৰ পিছত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ভূৱনেশ্বৰ কলিতাই কয় যে যুটীয়া সংসদীয় সমিতিয়ে বিৰোধীৰ সকলো দাবী আপত্তিক খাৰিছে কৰিছে ৷ লগতে কয় যে বৈঠকখনত বিধেয়কখনৰ সন্দৰ্ভত আলোচনা কৰিবলৈ একোৱেই নাছিল৷গতিকে মই বৈঠকখন বৰ্জন কৰিলো ৷

অন্যহাতে নতুন দিল্লীত আয়োজিত ইয়াৰ পূৰ্বৰ যুটীয়া সংসদীয় বৈঠকখনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত বিৰোধীৰ দাবী আপত্তিসমূহ ভোটদানৰ দ্বাৰা প্ৰত্যাখান কৰে ।উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত সততে ৰাজপথ উত্তাল হৈ থাকে ৰাজ্যখনত ৷ নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত সোমবাৰে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ লগত এখন বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীসকলৰ আপত্তিৰ লগতে জেপিচিলৈ পৰামৰ্শ আছিল যে,অসমৰ চুবুৰীয়া দেশৰ তালিকাখনৰ পৰা বাংলাদেশক আঁতৰাই পঠাব লাগে নহ’লে অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বেহুৰ পৰা আঁতৰাব লাগে ৷

ইফালে বৈঠকখনত যেতিয়া কম সংখ্যক বিৰোধী সদস্য বিধেয়কখনৰ বিৰুদ্ধে ওজৰ আপত্তি কৰে তেতিয়া ভোটৰ দ্বাৰা এটা সিদ্ধান্তত উপনীত হোৱাৰ কথা উল্লেখ কৰে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই। অন্যহাতে এই ভোটদান ভিত্তিতে বিৰোধী দলীয় সদস্যসকলৰ উত্থাপিত বিষয়সমূহ প্ৰত্যাখান কৰা হয় । লগতে এই ভোটৰ মাধ্যমতে সম্প্ৰতি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰণৰ দিশত আগবাঢ়িছে৷ইফালে বিগত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি বিধ্বস্ত হ’ল ৷ সমাগত লোকসভা নিৰ্বাচন ৷ গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com