নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ কাৰণে প্ৰতিবাদত বহিল সদৌ অসম উকীল সন্থা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ কাৰণে প্ৰতিবাদত বহিল সদৌ অসম উকীল সন্থা

ৰাজ্য জুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত বহিল সদৌ অসম উকীল সন্থা ৷ গোলাঘাট উকীল সন্থাইও বিধেয়ক খন বাতিলৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট উকীল সন্থাৰ সম্পাদক দুৰ্গা প্ৰসাদ জয়ছোৱালে কয়, নাগৰিকত্ব সংশোধনী বিধেয়কে খিলঞ্জীয়াৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ কাৰণে আমি গোলাঘাট অধিবক্তা সন্থাই মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৷

লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী সভা আয়োজন কৰাৰ কথা উল্লেখ কৰে গোলাঘাট উকীল সন্থাৰ সম্পাদক দুৰ্গা প্ৰসাদ জয়ছোৱালে ৷ অন্যহাতে, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও প্ৰকাশ কৰে। ইফালে,গুৱাহাটীৰ CJM আদালত চৌহদত প্ৰতিবাদত বহিল সদৌ অসম উকীল সন্থা ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত বাৰ এছ’চিয়েচন৷ মহানগৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান বাৰ এছ’চিয়েচনৰ ৷ডিব্ৰুগড়,ৰঙিয়াটোত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে উকীল সন্থাই ৷ডিব্ৰুগড়তটো নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত আদালতৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিজৰ অস্তিত্ব ৰক্ষাৰ লগতে ভাষা,কৃষ্টি,সংস্কৃতি জনগাঁথনি আদি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰিছে অধিবক্তাসকলে ৷ ইফালে ৰঙিয়াটো আইনী প্ৰক্ৰিয়াৰে হ’লেও এই বিতৰ্কিত বিধেয়কখন বাতিলৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰে৷

ইফালে মংগলবাৰে লোকসভাত ৰাজনাথ সিঙে কয় যে এই বিধেয়ক কেৱল মাত্ৰ অসমৰ কাৰণে নহয়। বিধেয়কখনৰ হিতাধিকাৰীসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে বসবাস কৰিব পাৰিব ৷ভাৰত চৰকাৰে অসম চৰকাৰ আৰু জনসাধাৰণক সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ কাৰণে বদ্ধ পৰিকৰ বুলিও কয় ৰাজনাথ সিঙে ৷উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা সংখ্যালঘু হিন্দু,শিখ জৈন,বৌদ্ধ,খ্ৰীষ্টান আৰু পাৰ্ছি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সাংবাদিকৰ আগত সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ এখন অসাংবিধানিক বিধেয়ক, এই বিধেয়কে অসম চুক্তিৰ আত্মাক হত্যা কৰিব বিছাৰিছে। ভাৰতীয় সংবিধানে সকলোকে সম অধিকাৰ প্ৰদান কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ভাৰতীয় সংবিধানক অপমান কৰিব। ওচৰ চুবুৰীয়া দেশৰ পৰা ভাৰতত ধৰ্মৰ ভিত্তিত প্ৰবেশ কৰা লোক সকলক কোনে চিনাক্ত কৰিব বুলিও সম্পাদক জনে প্ৰশ্ন কৰে। অসম উকীল সন্থাই বিধেয়ক খন ৰাজ্যসভাত গৃহীত কৰা হলে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হব বুলি সকীয়াই দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com