নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ ৰাজ্যবাসীয়ে ৰাজপথ উত্তাল কৰি থকাৰ সময়তে,বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখনৰ সন্দৰ্ভত টুইটাৰ যোগে কৰা মন্তব্যত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ড° শৰ্মাৰ টুইটটোৱে যেন নাগৰিকত্ব সংশোধনী বিধেয়কক আৰু এখোপ আগুৱাই যোৱাটোকে যেন ইংগিত বহন কৰিলে ৷মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে যে, ভয় ভাবুকি চৰিত্ৰ হননক নক্সাল বামপন্থীসকলে প্ৰতিপক্ষক দমনৰ কৌশলৰূপে সদায় ব্যৱহাৰ কৰি আহিছে ৷ এনে ভাবুকিৰ পিছতো মই মোৰ মতত অবিচল যে নাগৰিকত্ব বিধেয়কখন ভৱিষ্যত অসমৰ বাবে অতি প্ৰয়োজনীয়৷ লগতে মন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, তেওঁলোকে ২০২১ চনৰ ভিতৰতে আমাক এক বিশেষ সভ্যতাৰ দাস কৰিব বিচাৰে । পিছে সভ্যতাৰ যুঁজত আমি জয়ী হ’বই লাগিব৷

https://twitter.com/himantabiswa/status/1085862465059966978

ইফালে বিগত ৮ জানুৱাৰীত বিতৰ্কিত বিধেয়কখন লোকসভাত উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ পিছতে সমগ্ৰ অসমত সৃষ্টি হৈছিল ব্যাপক আন্দোলন ৷ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছত চলিত চৰকাৰখনৰ মিত্ৰদল এজিপিয়ে মিত্ৰতা ভংগ কৰে ।আৰু অগপৰ তিনিজন মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত আৰু ফণীভূষন চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰে ৷ লগতে বিতৰ্কিত বিধেয়ক খনক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই ৷ ইফালে মন্ত্ৰী ড° শৰ্মাই বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য দল সংগঠনক সমালোচনা কৰি কয় যে তেওঁলোকে এই বিষয়টো লৈছে ৰাজনৈতিক ভাৱে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নতুন দিল্লীৰ এক বৈঠকত ড° শৰ্মাই মন্তব্য কৰিছিল যে এই বিধেয়কখনে অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব ৷লগতে এই বিধেয়কে হিন্দুসকলক ৰক্ষা কৰিব ৷উত্তৰ পূব আৰু অসমৰ লোকসকলৰ পৰিচয় সুৰক্ষিত কৰি ৰখাটো অত্যন্ত জৰুৰী ৷যদি আমি এই পদক্ষেপ এতিয়াই হাতত নলও তেন্তে ২০২১ চনত বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব ৷এই মন্তব্য ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com