নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ লোকসকলক সুৰক্ষিত কৰিবঃ ভাৰতীয় জনতা পাৰ্টি

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ লোকসকলক সুৰক্ষিত কৰিবঃ ভাৰতীয় জনতা পাৰ্টি
Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ য়ে অসমৰ লোকসকলক সুৰক্ষা প্ৰদান কৰিব । এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ অৰ্থাৎ বিজেপিৰ (BJP)৷ বৃহস্পতিবাৰে সৰুসজাই ষ্টেডিয়ামত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি অভিনন্দন সমাৰোহত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বিভিন্ন বিষয় সন্দৰ্ভত মন্তব্য কৰে ৷বিশাল সমাৰোহ খনত সম্বোধিত কৰি ,বিত্ত স্বাস্থ্য তথা নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ লগত বিধানসভাৰ ৩৭ খন আসন আছে ৷ যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে ১৮ খন আসন আমি হেৰুৱাম ৷ জনসংখ্যাৰ তথ্যৰ উদ্ধৃতি দি মন্ত্ৰী ড° শৰ্মাই কয় যে ১৯৭১ চনৰ জনসংখ্যা অনুযায়ী অসমত হিন্দুৰ সংখ্যা আছিল প্ৰায় ৭১ শতাংশ ৷ ২০১১ চনত এই সংখ্যা হয়গৈ ৬১ শতাংশ,সম্প্ৰতি ২০২১ ত অসমত হিন্দুৰ সংখ্যা প্ৰায় ৫১পৰা ৫২ শতাংশ হোৱাৰ সম্ভাৱনা আছে ৷

কেন্দ্ৰীয় চৰকাৰে অসমত সম্প্ৰতি লোৱা বিভিন্ন পদক্ষেপৰ সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা,অসম চুক্তি ৬ নং দফাক বাস্তৱায়িত কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলেহে অসমৰ স্বদেশী লোকসকলৰ অভেদ্য দূৰ্গ স্থাপন হ’ব ৷ ইফালে ভাগৱত পাঠ আৰু মা দেৱী দূৰ্গাৰ পূজা অনাগত ১০ বছৰলৈ অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷ এই অনুষ্ঠানতে ড° শৰ্মাই ২০১১ ৰ পিছত ৰাজ্যৰ ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথাও ঘোষণা কৰে ৷আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰসংগত কয় যে, দুৰ্ভাগ্য পূৰ্ণ কথা এয়ে যে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে উচ্চ ক্ষমতা সম্পন্ন সমিতি (High Powar Committee) গঠন কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সিদ্ধান্তক গ্ৰহণ কৰা নাই ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে উচ্চ ক্ষমতা সম্পন্ন কমিটীক নিজৰ প্ৰস্তাৱ সমূহক প্ৰস্তুত কৰাৰ প্ৰসংগও উল্লেখ কৰে আৰু কয় যে, আমি তেওঁলোকৰ সিদ্ধান্তক আকোঁৱালি লোৱাৰ লগতে অসম খনক সুৰক্ষিত কৰিম ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ হৈ থকা বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কিছু সংখ্যক লোকে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত নেতিবাচক খবৰ বিয়পাইছে ৷যদি বিধেয়কখনক গৃহীত কৰা যায় তেন্তে অসমৰ ভাষা,সংস্কৃতি সাহিত্য সকলো ঠিকেই থাকিব ৷বিধেয়ক খনে অসমৰ অস্তিত্ব ৰক্ষাত কোনো প্ৰভাৱ নেপেলায় ৷ লগতে অসমৰ নামঘৰ আৰু সত্ৰ সমূহো সুৰক্ষিত থাকিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ বিষয় ৷ ইফালে পঞ্চায়ত প্ৰতিনিধি সকলক সম্বোধিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে,জনসাধাৰণে আপোনালোকৰ ওপৰত বিশ্বাস কৰি তেওঁলোকৰ বহুমূলীয়া ভোট প্ৰদান কৰি আপোনালোকক জয় যুক্ত কৰিছে ৷

গতিকে আপোনালোকে তেওঁলোকৰ বিশ্বাস ভংগ নকৰিব ৷ লগতে কয় যে স্থিৰতা তেতিয়াহে আহিব যেতিয়া পঞ্চায়তৰ পৰা মুখ্যমন্ত্ৰী স্তৰলৈকে দুৰ্নীতিৰ সম্পৰ্কীয় কোনো বিষয় নাথাকিব ৷ উল্লেখ্য যে বিজেপি চৰকাৰৰ এই অনুষ্ঠানত কাৰ্বি আংলঙৰ বৰিষ্ঠ নেতা বিদ্যা সিং ইংলেঙৰ উপৰি ডিমা হাচাওৰ ছয় জনগোষ্ঠী পৰিষদৰ সদস্য আৰু অন্য দলৰ পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,ৰাজ্যৰ প্ৰহৰী মহেন্দ্ৰ সিংৰ লগতে অন্যান্য সাংসদ,বিধায়ক,নেতা সকলো উপস্থিত থাকে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com