নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে উত্তৰ পূবত অস্থিৰতাই বিৰাজ কৰিবঃ নেছ’

নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে উত্তৰ পূবত অস্থিৰতাই বিৰাজ কৰিবঃ নেছ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) অসম,অৰুণাচল আৰু ত্ৰিপুৰা যাত্ৰাৰ প্ৰাকক্ষণত নৰ্থ ইষ্ট ষ্টুডেন্টছ অৰ্গেনাইজেশ্যন অৰ্থাৎ NESO য়ে শুক্ৰবাৰে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাক লৈ সম্পূৰ্ণ অঞ্চলটোত অস্থিৰতাই বিৰাজ কৰিব ৷নেছ’ৱে সতৰ্ক কৰি দিয়ে যে যদি বিতৰ্কিত বিধেয়কখন এখন অধিনিয়মলৈ পৰিৱৰ্তন হয় তেতিয়া পূৰ্বোত্তৰ লোকসকল বিছিন্ন হৈ যাব। আৰু এই ধৰণৰ ঘটনা কাৰণে দায়ী হ’ব কেন্দ্ৰীয় চৰকাৰ।

শুক্ৰবাৰে নেছ’ৰ সভাপতি,উপদেষ্টা চেম্যুৱেল বী জিৰবা,চিনম প্ৰকাশ সিং আৰু ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এখন বৈঠক অনুষ্ঠিত কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন স্বদেশী সংগঠন,জনসাধাৰণৰ বিভিন্ন ধৰণৰ বিৰোধৰ পিছতো কেন্দ্ৰই লোকসভাত বিধেয়কখন গৃহীত কৰিলে৷ ইফালে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি নেছ’ৰ সংগঠনটোৱে কয় যে বিধেয়কখন লোকসভাত গৃহীত হোৱাটো ৰাজনৈতিক অন্যায়ৰ এটা জলন্ত উদাহৰণ ৷ লগতে কেন্দ্ৰীয় চৰকাৰে যে উত্তৰ পূবৰ লোকসকলৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰে সেয়া প্ৰতিপন্ন কৰিলে ৷ এই পদক্ষেপ কেন্দ্ৰই উত্তৰ পূবত স্বদেশী লোকসকলৰ সংখ্যা সীমিত কৰিবৰ কাৰণে লৈছে ৷এই মন্তব্য নেছ’ৰ ৷

নেছ’ৰ মহাসচিব চিনম প্ৰকাশ সিঙে কয় যে, নেছ’ৱে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰক স্পষ্ট কৰি দিব বিছাৰিছে যে,স্বদেশী লোকসকলে যিকোনো পৰিস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়কক স্বীকাৰ নকৰে ৷ বিধেয়কখনক ৰাজ্যসভাত বাতিল কৰিবলৈ কয় চিনম প্ৰকাশ সিঙে ৷ দ্বিতীয়তে ,সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা অন্যান্য জাতীয় সংগঠনে শুক্ৰবাৰে সমগ্ৰ ৰাজ্যত বিধেয়কখনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত মন্তব্য কৰে যে ২০১৪ চনত যি গৰাকী প্ৰধানমন্ত্ৰীয়ে বাংলাদেশীক বহিস্কাৰ কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,সেইগৰাকীয়ে সম্প্ৰতি বাংলাদেশীক স্বাগত কৰিবৰ কাৰণে আইন তৈয়াৰ কৰাত উঠিপৰি লাগিছে ৷লগতে দীপাংক কুমাৰ নাথে কয় নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল অসমৰ কাৰণেই নহয়,ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ কাৰণেও বিপদ স্বৰূপ ৷লগতে আছুৰ সভাপতি নাথে কয় যে যদি প্ৰধানমন্ত্ৰী মোডী অসমৰ পৰিচয়,প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ আৱেগক লৈ চিন্তিত তেন্তে প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰ্কিত বিধেয়কখন বাতিল কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com