নামৰূপত "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্টৰ শুভাৰম্ভ

নামৰূপত "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্টৰ শুভাৰম্ভ

অসমবাসীলৈ এটা ভাল খৱৰ। যি সময়ত ইন্ধনৰ আকাশলংঘী মূল্যই ৰাইজক জ্বলা কলা খোৱাইছে সেই সময়তে অসম পেট্ৰকেমিকেল লিমিটেড দেশৰ ভিতৰতে প্ৰথম অতি কম মূল্য আৰু প্ৰদূষণমূক্ত ইন্ধন তৈয়াৰ কৰি ওলিয়াইছে। নামৰূপ পেট্ৰকেমিকেল লিমিটেডে এই "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট শুক্ৰবাৰে শুভাৰম্ভ কৰে।

দেশত প্ৰথম বাৰৰ বাবে মুকলি কৰা হ'ল "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট ।"নীতি আয়োগৰ সদস্য,পদ্মশ্ৰী, বিশিষ্ট বৈজ্ঞানীক ড' ভি. কে. সাৰস্বত ৰ উপস্থিতিত শুভাৰম্ভ কৰা ডিব্ৰুগড়ৰ নামৰূপস্থিত অসম পেট্ৰ কেমিকেলচ লিমিটেডত শুভ উদ্বোধন কৰে দেশ তথা এছিয়া মহাদেশৰ প্ৰথমখন এই আঁচনি, লগতে সূদুৰ চুইডেনৰ পৰা অনা হৈছে মিথানলেত ব্যৱহৃত এই ষ্টভ।নীতি আয়োগৰ নিৰ্দেশত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত শুক্ৰবাৰে এই আঁচনিৰ শুভাৰম্ভ কৰে বিশিষ্ট বৈজ্ঞানীক গৰাকীয়ে।

ৰন্ধন গেছৰ বিকল্প এই ইন্ধন মিথানল ৩০ শতাংশ কম মূল্য সেউজ আৰু স্বচ্ছ ইন্ধন হিচাপে উপলব্ধ হ'ব।এই আঁচনিৰ কুকিং ষ্টভৰ যি ব্যৱস্থা সেয়া এচিয়া মহাদেশৰ ভিতৰতে প্ৰথম।এই আঁচনি উদ্বোধনৰ পাছতেই এই ইন্ধন পাইলট প্ৰজেক্ট হিচাপে প্ৰথমে অসম পেট্ৰকেমিকেল লিমিটেডত কৰ্মৰত পৰিয়ালৰ লোকক প্ৰদান কৰা হয়।

আনহাতে এই পাইলট প্ৰজেক্ট সম্পূৰ্ণ কৰি অহা ৩মাহৰ ভিতৰতে ৰাইজৰ মাজলৈ উলিয়াই দিব অসম পেট্ৰকেমিকেল লিমিটেডে। ইফালে এই অনুষ্ঠানত অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈ, সাংসদ ৰামেশ্বৰ তেলী, অধ্যক্ষ জগদীশ ভূঞা, উপাধ্যক্ষ বিকুল ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰঞ্জিত বৰুৱাকে প্ৰমুখ্যে কৰি উপস্থিত থাকে কেইবাগৰাকীও গণ্য মান্য ব্যক্তিসকল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com