নিৰ্বাচনী ইস্তাহাৰৰ সকলোখিনিয়ে সত্যৰ ওপৰত প্ৰতিস্থিত: ৰাহুল গান্ধী

নিৰ্বাচনী ইস্তাহাৰৰ সকলোখিনিয়ে সত্যৰ ওপৰত প্ৰতিস্থিত: ৰাহুল গান্ধী

কংগ্ৰেছেৰ অধক্ষ্য ৰাহুল গান্ধীয়ে আজি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি , কংগ্ৰেছ দলৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰকাশ কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে বৰ্তমান নিবনুৱা সমস্যাকে ধৰি, খেতিয়কৰ সমস্যা আৰু স্থবিৰ অৰ্থনীতিয়ে ভাৰাক্ৰান্ত কৰিছে।

ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে প্ৰথমতে এই সমস্যা সমূহ সমাধানত কংগ্ৰেছে গুৰুত্ব প্ৰদান কৰিব আৰু অৰ্থনীতি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । লগতে প্ৰকাশ কৰে যে জনসাধাৰণৰ একাউণ্টত প্ৰতক্ষ্য ভাবে ধন পঠিওৱা ব্যবস্থা কৰা , যি ব্যবস্থায়ে ভাৰতৰ অৰ্থনীতিৰ উন্নয়নত সহায় কৰিব আৰু যিয়ে পূৰ্বেতকে ইউপিএ-২ চৰকাৰৰ অধিনত অধিক উন্নতি হব বুলি প্ৰকাশ কৰে ।

লগতে প্ৰকাশ কৰে যে নৰেন্দ্ৰ মোদীয়ে অনিল আম্বানীৰ দৰে ব্যবসায়িক আৰু উদ্যোগপতিক ৩০,০০০ কোটি দিব পাৰে । কিন্তু কংগ্ৰেছে NYAY আচনিৰ অধিনত যি দুখীয়া লোকসকলৰ একাউণ্টত জমা হব লগা ধন মুকলি কৰি দিব বুলি প্ৰকাশ কৰে । বিজেপি চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে বৰ্তমান দুখীয়া আৰু খেতিয়ক সকল ভাৰাক্ৰান্ত হৈ পৰিছে কিন্তু বিজেপি চৰকাৰ ইয়াৰ প্ৰতি কোনো কানষাৰ নাই বুলি প্ৰকাশ কৰে ।

লগতে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে NYAY আচনিখন কংগ্ৰেছে ৰূপায়ণ কৰিব । বিজেপিয়ে যি কেইখন ৰাজ্যত খেতিয়কক লোন দিব পৰা নাযায় বুলি প্ৰকাশ কৰিছিল সেই ৰাজ্যতে খেতিয়কক লোন দি দেখুৱাব কংগ্ৰেছে। বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ দৰে কংগ্ৰেছে ফাঁকি নিদিয়ে বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

প্ৰধানমন্ত্ৰীক শোষন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সন্দৰ্ভত মুকলি তৰ্ক কাৰনে ৰাহুল গান্ধীয়ে আহ্বান জনাইছে । লগতে এই সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে বুলি কয় ।

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com