পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰিব আশী জন এ চি এচ বিষয়াই

পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰিব আশী জন এ চি এচ বিষয়াই

ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু স্বচ্ছ ভাবে অনুষ্ঠিত কৰাৰ বাবে আশী জন এ চি এচ বিষয়াই ৰাজ্যৰ বিভিন্ন স্থানত বাহৰ

পাতিব।ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা এই বিষয়া সকলক পৰ্যবেক্ষক হিচাপে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীৰ নিৰ্বাচনী বিধি উলংঘা, ধনবল আৰু বাহুবলৰ প্ৰয়োগৰ ওপৰত চোঁকা নজৰ ৰখাৰ বাবে দায়িত্ব দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি ভংগ কৰা প্ৰাৰ্থীৰ বিপক্ষে পৰ্যবেক্ষক হিচাপে নিযুক্ত বিষয়া সকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।ৰাজ্যিক নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে আশী জন এ চি এচ বিষয়াক নিৰ্বাচনৰ বিভিন্ন নিয়ম নীতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে যাতে বিষয়া সকলে সহজে আচৰণ বিধি ভংগ কৰা প্ৰাৰ্থীসমূহ চিনাক্ত কৰিব পৰে।

নিৰ্বাচন পৰ্যবেক্ষক বিষয়া সকলে ৰবিবাৰৰ পৰা ৰাজ্যৰ বেলেগ বেলেগ ঠাইত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে প্ৰচাৰ আৰাম্ভ কৰিব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এইচ এন বৰাই বৃহস্পতি বাৰে চেণ্টিনেলক কয় যে আয়োগে ৰাজ্যত হব লগা পঞ্চায়ত নিৰ্বাচনৰ স্বচ্ছ আৰু নিকা ভাবে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৫ ডিচেম্বৰত অনুষ্ঠিত হব। সুৰক্ষা ব্যৱস্থাৰ বিষয়ে বৰাই কয় যে অসম পুলিচে নিৰ্বাচনী আয়োগক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ বাবে আশ্বাস দিছে। ৰাজ্যৰ ২৩৫০৫ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩৬৬৫ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ, ৮২৪৩ টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com