পাঁচ লাখ পৰিয়ালে এতিয়াও পোৱা নাই বিনামুলীয়া শৌচালয়

পাঁচ লাখ পৰিয়ালে এতিয়াও পোৱা নাই বিনামুলীয়া শৌচালয়

সচ্চ ভাৰত মিচন গ্ৰামীন অভিযান অসমত সমাপ্ত কৰিবলৈ মাত্ৰ ১৩ মাহ সময় থকাৰ সময়ত এতিয়াও পাঁচ লাখ পৰিয়ালে বিনামুলীয়া শৌচালয় লাভ নকৰাৰ তথ্য পোহৰলৈ আহিছে।২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে।২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিশেষ আঁচনি খন মুকলি কৰিছিল যাতে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ একোটাকৈ নিজা শৌচালয় থাকে।এতিয়াও অসমত ৫,৭৫,০৬৪ টা পৰিয়ালে বিনামুলীয়া শৌচালয়ৰ পৰা বঞ্চিত হৈ আছে থকাটোহে অতি পৰিত্ৰানৰ বিষয়।কেন্দ্ৰীয় চৰকাৰে এই মিচনৰ অধীনত ২৬৭৫ কোটি টকা ২০১৫-১৬ ৰ পৰা ২০১৮-১৯ বৰ্ষৰ লৈকে প্ৰদান কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com