পুনে আৰক্ষীৰ "ট্ৰেফিক এক্সপ্ৰিৰিমেণ্ট"ৰ ব্যতিক্ৰমী প্ৰচেষ্টা

পুনে আৰক্ষীৰ "ট্ৰেফিক এক্সপ্ৰিৰিমেণ্ট"ৰ ব্যতিক্ৰমী প্ৰচেষ্টা

প্ৰতিবছৰে ভাৰতত প্ৰায় ১৫০,০০০ লোকৰ মৃত্যু হয় পথ দূৰ্ঘটনাত আৰু প্ৰায় ৪০০লোক এদিনত মৃত্যু হয়।পথ দূৰ্ঘটনাৰ মুল কাৰন হৈছে প্ৰধানকৈ মাদক দ্ৰব্য সেৱন আৰু দ্ৰুতবেগীত গাড়ী চলোৱা এক অন্যতম কাৰন।

জীৱনটো গতিশীল।এই গতিশীলতাৰ লগত সকলো লোক ইমানে ব্যস্ত হৈ পৰে যে সাধাৰন ট্ৰেফিকৰ ৰঙা লাইটোও অৱহেলা কৰি গাড়ী পাৰ কৰি যায় আৰু কেতিয়াবা আন গাড়ীকো পিছ পেলাই আগলৈ গুছি যায়।মানুহে এনেধৰনৰ সৰু সৰু কথা সমূহ লক্ষ্য নকৰে বাবেই জীৱনটোলৈ হঠাৎতে অমানিশা নামি আহে অৰ্থাৎ এক ভয়ংকৰ দূৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়।

কিছুদিন পূৰ্ৱে আৰক্ষী উপায়ুক্ত(ট্ৰেফিক) তেজাশ্বাই চতপুটে পুনেত এক গৱেষনা কৰে।মটৰ চাইকেল চলোৱা লোক সকলৰ ভিতৰত ট্ৰেফিক নিয়ম সমূহ কোনে মানি চলে আৰু কোনে মানি নচলে সেই বিষয়ৰ ওপৰত এক গৱেষনা কৰে ।আৰু গৱেষনা কৰাৰ পিছত যিটো ফলাফল ওলাইছিল সেইটো অতি আশ্বাৰ্য্যকৰ আছিল।

চেপ্তেম্বৰৰ ৪তাৰিখে ,আৰক্ষী উপায়ুক্ত গৰাকীয়ে দুজন লোকক নিৰ্বাচন কৰি একে কোম্পানীৰ দুখন বাইক লৈ দুয়োজন আৰোহীক কাতৰাজৰ পৰা এছ নগৰলৈ ১০কিল'মিটাৰ ঠাইলৈ চলাবলৈ দিয়ে আৰু দুজন আৰোহীৰ এজনক ট্ৰেফিক নিয়ম মানি চলি বাইক চলাবলৈ দিছিল আৰু আন জনক ট্ৰেফিক নিয়ম নমনাকৈ বাইক চলাবলৈ কৈছিল।

গৱেষনাৰ পিছত দুয়োজন বাইক আৰোহীৰ মাজত ৪মিনিটৰহে ব্যৱধান পাইছিল।

এতিয়া প্ৰশ্নটো হ'ল যে এই ৪মিনিট ব্যৱধানৰ বাবে ট্ৰেফিক নিয়ম নামানি জীৱনটো ক্ষতি কৰাটো কিমান দূৰ সঠিক।

বৰ্তমান সময়ত আমি এই নিয়ম সমূহ ভংগ কৰো কিছু দুঃসাহসিক ক্ৰিয়া সমূহৰ বাবে।দুঃসাহসিক ক্ৰিয়া কৰাটো ভাল কিন্তুু পদপথত এনেধৰনৰ দুঃসাহসিক কৰ্মই জীৱনলৈ নামি আহিব পাৰে ঘোৰ অন্ধকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com