প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যত ১১ এপ্ৰিলত হ’ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কাৰণে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে, অসমত ১৪ খন আসনত হ’বলগীয়া লোকসভা আসনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ইতেমধ্যে পাঁচটা সমষ্টিৰ ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অনুষ্ঠিত হ’ব ১৮ এপ্ৰিলত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কৰিমগঞ্জ,শিলচৰ, স্বায়ত্ত শাসিত জিলা ডিফু,মঙলদৈ আৰু নগাঁৱত অনুষ্ঠিত হ’ব ৷

লগতে মনোনয়ন পত্ৰৰ তদন্ত অথবা পৰীক্ষা হ’ব বুধবাৰে অৰ্থাৎ আজি । ৰাজ্যৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কৰিমগঞ্জ আসনৰ কাৰণে ১৪ ,শিলচৰৰ আসনৰ কাৰণে ১৪,স্বায়ত্ত শাসিত জিলা ডিফুৰ কাৰণে ১৩ , মংগলদৈ ১৩, নগাঁৱৰ কাৰণে ১৯ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মংগলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে প্ৰাৰ্থী সকলৰ ভিৰ দেখা যায় ৷ তেওঁলোকৰ ভিতৰত নগাঁৱৰ আসনৰ কাৰণে ৰূপক শৰ্মা,আৰু তেওঁৰ কংগ্ৰেছ প্ৰতিদ্বন্দি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ,লগতে কৰিমগঞ্জৰ আসনৰ কাৰণে বিজেপিৰ অসম বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মল্লাহ ৷

ৰঙালী বিহুৰ আনন্দৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচন আৰু ভোটদান প্ৰক্ৰিয়া,এই সকলোবোৰ মিশ্ৰণেৰে সম্প্ৰতি এটা পৃথক পৰিবেশৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ ইয়াৰ মাজতে নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত ৰিটাৰ্নিং অফিচাৰৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ৰাজ্যবাসীয়ে যোগ্য প্ৰাৰ্থীক স্বাগত কৰিবলৈ প্ৰস্তুত আছে ৷

ইফালে,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুন বৰা আৰু বিধায়ক ৰকীবুল হুছেইনে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও নগাঁৱৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত গৈ মনোনয়ন পত্ৰ দাখিল কৰে । সংবাদ মাধ্যমৰ সন্মুখত ৰিপুন বৰাই কয় যে সম্প্ৰতি সকলো স্পষ্ট হৈছে ৷ আমি ৰাজ্যত আঠৰ পৰা দহখন আসনত জয়ী হ’ম ৷ অন্যহাতে ভাৰতীয় নিৰ্বাচন আয়োগে ২৮ মাৰ্চত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে অধিসূচনা জাৰি কৰিব ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিটা নিৰ্বাচন ক্ষেত্ৰ ক্ৰমে গুৱাহাটী,বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইফালে ২৩ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিলৰ সময় ৪ এপ্ৰিল আৰু মনোনয়ন পৰীক্ষা কৰা হ’ব ৫ এপ্ৰিলত ৷ মনোনয়ন প্ৰত্যাহাৰ কৰিব ৮ এপ্ৰিলত ৷ উল্লেখ্য যে নিৰ্বাচনৰ ভোটগণনা হ’ব ২৮ মে’ত ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com