প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ : শ্বহীদৰ পৰিয়ালে ঘূৰাই দিলে স্মাৰক

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ : শ্বহীদৰ পৰিয়ালে ঘূৰাই দিলে স্মাৰক

অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ছবছৰীয়া আন্দোলন কৰি শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদৰ ৭৬ জনৰ পৰিয়ালে বুধবাৰে ৰাজ্য চৰকাৰক ঘূৰাই দিলে স্মৃতি চিহ্ন ৷ জাতি,মাটি,ভেঁটি ৰক্ষাৰ স্বাৰ্থত ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক গৃহীত কৰিবলৈ লোৱা পদক্ষেপত ক্ষোভিত হৈ চৰকাৰে প্ৰদান কৰা স্মৃতি চিহ্ন ঘূৰাই দিয়ে শ্বহীদৰ পৰিয়ালে ৷ইফালে সদৌ অসম শ্বহীদৰ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে সাহিত্য ন্যাস ভৱনৰ পৰা এক শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাটোৱে লতাশিলৰ পৰা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মৃতি চিহ্নসমূহ ঘূৰাই দিয়ে ৷

অন্যহাতে ২০১৬ চনৰ ১০ ডিচেম্বৰত অসম চৰকাৰে খানাপাৰাস্থিত ভেটেনেৰী কলেজত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি শ্বহীদৰ পৰিয়ালক স্মৃতি চিহ্ন প্ৰদান কৰিছিল ৷ এই স্মৃতি চিহ্নত আছিল পাঁচ লাখ টকা আৰু স্মাৰক পত্ৰ ৷ ইফালে সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদত আছে ৮৫৫ জন শ্বহীদৰ পৰিয়ালৰ উপৰিও ১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ সময়ত আহত হোৱা ৩০০০ লোক ৷ পৰিষদখনত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰ কান্ত তালুকদাৰে সংবাদমাধ্যমৰ আগত কয় যে অসম চুক্তি ৮৫৫ জন লোকৰ বলিদানৰ ওপৰত স্বাক্ষৰিত কৰা হৈছে ৷ লগতে হাজাৰ হাজাৰ লোকৰ সমগ্ৰ জীৱনৰ কাৰণে ঘূনীয়া হ’ল এই আন্দোলনত ৷চৰকাৰে ছবছৰীয়া আন্দোলনৰ ভিত্তিত অসম খন সম্পূৰ্ণ বিদেশী মুক্ত কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল ৷ কিন্তু চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ পদক্ষেপে ৮৫৫ জন শ্বহীদক উপেক্ষিত কৰিছে ৷

বিধেয়কখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সমালোচনা কৰি চন্দ্ৰ কান্ত তালুকদাৰে কয় যে, মুখ্যমন্ত্ৰী সোনোৱাল এসময়ত আছুৰ লগত জড়িত আছিল ৷ মুখ্যমন্ত্ৰী সোনোৱাল আছিল জাতীয় নায়ক ৷ সদ্যহতে মুখ্যমন্ত্ৰী সোনোৱালে বাংলাদেশী হিন্দুৰ পক্ষ লৈছে ৷ গতিকে মুখ্যমন্ত্ৰী এই পদক্ষেপ অত্যন্ত দুৰ্ভাগ্যজনক৷এই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে লিখিত ৰূপত পাঁচ বাৰ পত্ৰ প্ৰেৰণ কৰিছিলোঁ যদিও মুখ্যমন্ত্ৰী আলোচনা কৰিব কাৰণে আমাক আমন্ত্ৰণ নকৰিলে ৷ ইয়াৰ পিছত শেষ বাৰৰ কাৰণে পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো সুদুত্তৰ পোৱা ন’গল৷ সেয়েহে আমি মংগলবাৰে শ্বহীদ পৰিয়ালক প্ৰদান কৰা স্মৃতি চিহ্নসমূহ ঘূৰাই দিয়াৰ সিদ্ধান্ত লওঁ ৷এই মন্তব্য চন্দ্ৰ কান্ত তালুকদাৰৰ ৷ উল্লেখ্য যে,পৰিষদৰ সভাপতি ৰাজেন ডেকাই কয় যে যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয় তেন্তে ৮৫৫ জন শ্বহীদৰ জীৱন দান অথলে যাব ৷ শ্বহীদৰ পৰিয়ালৰ এজন ব্যক্তিয়ে দুখ প্ৰকাশ কৰি কয় যে চৰকাৰে প্ৰদান কৰা পাঁচ লাখ টকা কিছুসংখ্যক লোকে ব্যয় কৰিলেও,সেই টকা আমি ঘূৰাই দিবলৈও সাজু আছোঁ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com