প্ৰসংগঃ নিৰ্বাচনঃ ৰাজ্যত ৪০,০০০ ইভিএম আৰু ভিভিপীএটিৰ ব্যৱস্থা

প্ৰসংগঃ নিৰ্বাচনঃ ৰাজ্যত ৪০,০০০ ইভিএম আৰু ভিভিপীএটিৰ ব্যৱস্থা
Published on

সমাগত লোকসভা নিৰ্বাচন। গতিকে সাজু হৈছে নিৰ্বাচনৰ কাৰণে সকলো ৰাজনৈতিক দল। সম্প্ৰতি, এপ্ৰিলত হ’ব লগীয়া সংসদীয় নিৰ্বাচনৰ কাৰণে নিৰ্বাচন বিভাগে,ইভিএম আৰু ভিভিপীএটি ৰ ব্যৱস্থা কৰা হৈছে ৷ সংসদীয় নিৰ্বাচন ৰাজ্যত ১১,১৮ আৰু ২৩ তাৰিখে ১৪ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ সন্মুখত কোৱা ভাষ্য অনুসৰি ৰাজ্যৰ জিলাসমূহত প্ৰায় ৪০,০০০ হাজাৰ ইভীএম আৰু ভিভিপীএটি ৰ ব্যৱস্থা কৰা হৈছে।

ইফালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক চিনাক্ত কৰাৰ পিছত প্ৰাৰ্থীৰ নাম, ছবি, প্ৰতীক সকলো বেলট পেপাৰত ইভীএমৰ ওপৰত লগোৱা হ’ব। ইফালে ভিভিপীএটিক প্ৰথমবাৰৰ কাৰণে ৰাজ্যৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ব্যৱস্থা কৰা হৈছে ৷ বিগত ২০১৬ চনৰ বিধানভা নিৰ্বাচনত ভিভিপীএটি ব্যৱস্থাক ৰাজ্যৰ ১০ খন বিধানসভা নিৰ্বাচন ক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com