বন্ধত স্তব্ধ হ'ল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনজীৱন

বন্ধত স্তব্ধ হ'ল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনজীৱন

লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠীয় সংগঠনে মংগলবাৰে আহ্বান কৰা এঘাৰ ঘণ্টীয়া অসম বন্ধত স্তব্ধ হৈ পৰে সমগ্ৰ অসমৰ জনজীৱন। সদৌ অসম ছাত্ৰ সন্থাৰ বন্ধৰ প্ৰতি নেছোই সমৰ্থন জনাইছিল ইয়াৰ ফলত অসমৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি ৰাজ্যতো বন্ধৰ সৰ্বাত্মক ৰূপ পৰিলক্ষিত হয়। অসমৰ জনসাধাৰণে স্বতঃস্ফুৰ্ত ভাবে অসম বন্ধক সমৰ্থন কৰে। কিছু মান ঠাইত বন্ধৰ সমৰ্থকে চৰকাৰ খনৰ বঞ্চনা আৰু জনপ্ৰতিনিধিৰ অভব্য আচৰণৰ বাবে উগ্ৰ হৈ পৰে আৰু কিছুমান হিংসাত্মক কাৰ্য্যসূচী গ্ৰহণ কৰে।

বন্ধৰ সমৰ্থকৰ লক্ষ্য হৈ পৰে বিজেপিৰ কাৰ্য্যলয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ৰ বিজেপিৰ কাৰ্য্যলয় উগ্ৰসমৰ্থকে লণ্ড-ভণ্ড কৰে আৰু কাৰ্য্যলয়ত থকা সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোডীৰ প্ৰতিচ্ছৱি দাহ কৰে। ডিব্ৰুগড় চহৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰবৰৰ গুলী আৰু কন্দুৱা গেছ প্ৰয়োগ কৰে। অসমত দহ বছৰৰ মুৰত বন্ধ ঘোষণা কৰা সদৌ অসম ছাত্ৰ সন্থাই আগতে সকলো লোকক দোকান-পোহাৰ বন্ধ ৰাখিবলৈ অনুৰোধ কৰিছিল, ইয়াৰ পিছতে কিছুমান জাতিদ্ৰোহীয়ে বন্ধ অমান্য কৰাৰ বাবে বন্ধ সমৰ্থক সকলে সেই অসম বিৰোধী শক্তিক বুজা ধৰণৰ ভাষাৰে সুন্দৰ কৈ বুজনি দিয়ে। বন্ধৰ ফলত ৰেল যাত্ৰাও ব্যাহত হৈ পৰে, বন্ধ সমৰ্থক সকলে ৰেল অৱৰোধ কৰাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰেলৱে ৰেল সমূহৰ নতুন সূচী ঘোষণা কৰিব লগীয়া হয়।

উজনি, নামনি আৰু মধ্য অসমৰ সকলো ধৰণৰ কাৰ্য্যলয়, বেংক, ঔদ্যোগিক প্ৰতিষ্ঠান, ব্যক্তিগত কোম্পানী, বিদ্যালয়, মহাবিদ্যালয় সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধৰ সময়ত জনশূন্য হৈ পৰে। অসমৰ একমাত্ৰ মহানগৰ গুৱাহাটী বন্ধৰ দিনটোত সম্পুৰ্ণৰূপে শূন্য হৈ পৰে। ব্যৱসায়িক অঞ্চল সমূহ যেনে গণেশগুৰি, ফাঁচী বজাৰ, পানবজাৰ, লাখটকীয়া আজি ঠাই সম্পুৰ্ণৰূপে বন্ধ হৈ পৰে। গুৱাহাটী মহানগৰীৰ বহু ঠাইত ৰাজপথত বন্ধৰ দিনটোত লোক সকলে ক্ৰিকেট, ফুটবল আদি খেলি আজৰি সময় কটায়। নাগৰিকত্ব সংশোধনী বিধেয়ক খন সমৰ্থন কৰা বৰাক উপত্যকাত বন্ধৰ প্ৰভাৱ আংশিক ভাবে প্ৰতিফলিত হয়। সদৌ অসম ছাত্ৰ সন্থাই মংগল বাৰে ৰাজ্যৰ জনসাধাৰণক বন্ধ সফল ভাবে ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আছুৰ সভাপতি দিপাংক কুমাৰ নাথে সাংবাদিকৰ আগত কয় যে অসম বন্ধ সফল ভাবে ৰূপায়ণ কৰাৰ অৰ্থ হ'ল ৰাজ্যৰ জনসাধাৰণৰ বিতৰ্কিত বিধেয়ক খনৰ প্ৰতি থকা বিৰোধিতা।

নেছোৰ তৰফৰ পৰাও উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণলৈ বন্ধ সফল কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ত্ৰিপুৰাত আৰক্ষীয়ে প্ৰতিবাদ কাৰীৰ ওপৰত গুলী চালনা কৰে। উল্লেখযোগ্য যে কালি লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰা হয়। অসমত বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদেও মিত্ৰতাৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগলৈ আতৰি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com