বলীউডৰ অভিনেত্ৰী উৰ্মীলা মাট'ন্ডকাৰৰ কংগ্ৰেছত যোগদান

বলীউডৰ অভিনেত্ৰী উৰ্মীলা মাট'ন্ডকাৰৰ কংগ্ৰেছত যোগদান

লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত জনপ্ৰিয় অভিনেত্ৰী উৰ্মীলা মাট'ন্ডকাৰৰে আজি কংগ্ৰেছত যোগদান কৰে । কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অংশগ্ৰহন কৰা নিৰ্বাচনী বৈঠকতে অভিনেত্ৰী উৰ্মীলায়ে কংগ্ৰেছত যোগদান কৰে । কংগ্ৰেছ দলে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে অভিনেত্ৰী উৰ্মীলাক আগন্তুক মুম্বাই নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছত যোগদান কৰি উৰ্মীলাই প্ৰকাশ কৰে যে, এনেকুৱা এটা দলত যোগদান কৰিছে যি দলৰ শক্তিশালী ৰাজনৈতিক আদৰ্শৰ আছে। লগতে উৰ্মীলাই কয় যে," মই এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছো, যত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ পাটেলৰ দৰে ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত । সৰুৰে পৰা মই সেই আদৰ্শৰে অনুপ্ৰাণিত।" বুলি প্ৰকাশ কৰে ।

সংবাদ মাধ্যমৰ আগত উৰ্মীলাই প্ৰকাশ কৰে যে, সাধাৰণতে ফ্লিম ষ্টাৰ ৰাজনীতিলৈ আহে ভোটাৰক তেওঁলোকৰ গ্লেমাৰৰ যোগেদি আকৰ্ষিত কৰিবলৈ কিন্তু তেওঁ এই ভাবধাৰৰ দ্বাৰা অনুপ্ৰাণিত নহয় ।

মুম্বাইৰ ৬ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হব। দেশত ১১ এপ্ৰিলৰ পৰা ১৯ মে লৈকে ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব । ২৩ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ।

অভিনেত্ৰী উৰ্মীলাক উত্তৰ মুম্বাইৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা আছে । উৰ্মীলাই বিজেপিৰ আইনপ্ৰনেতা গোপাল চেট্টীৰ প্ৰতিদন্দ্বি হিচাপে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

উৰ্মীলাই ছবি জগতত বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি গৈছে । ছবি নাৰাশ্বিমহা, চমৎকাৰ, ইণ্ডিয়ান, জোদায়ি, সত্য, এক হাচিনা থি আদিৰ দৰে ছবি দুৰ্দ্দান্ত অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com