বাংলাদেশত বিমান হাইজেকৰ ব্যৰ্থ চেষ্টা ।দেওবাৰে বাংলাদেশত বিমান হাইজেকৰ চেষ্টা কৰা যুৱকজনৰ হাতত কোনো ধৰণৰ বিস্ফোৰক নাছিল আৰু পিষ্টলটোও খেলা পিষ্টল আছিল বুলি আজি আৰক্ষীয়ে জনাইছে ।হাইজেকৰ চেষ্টা কৰা ২৫ বছৰীয়া যুৱক জন বাংলাদেশৰ নিৰাপত্তাৰ গুলীত নিহত হয় । যাৰ কাৰনে বিমান খন জৰুৰী অবতৰণ কৰা হৈছিল দেওবাৰে । বিমান খনত থকা ১৩৪ জন যাত্ৰীৰ লগতে ১৪ জন কৰ্মচাৰীৰ নিৰাপদে স্থানান্তৰ কৰে। বিমান বন্দৰৰ কতৃপক্ষয়ে প্ৰকাশ কৰা মতে হাইজেকৰ চেষ্টা কৰা যুৱক জন মানসিক ভাৰাসাম্যহীন ।
ঢাকাৰ পৰা ডুবাইলৈ যোৱা বিমান অপহৰণৰ অপচেষ্টা কৰিছিল এজন অস্ত্ৰধাৰীয়ে বিমান হাইজেকৰে । ঘটনা পোহৰলৈ অহাৰ পাছতে চট্টগ্ৰাম বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হয় বিমানখন। বিমানখন ‘বিমান বাংলাদেশ’ নামৰ কোম্পানীটোৰ। বিমানখনৰ নং বি জি ১৪৭।
বাংলাদেশ ১৬৫ মিলিয়ন জনবসতিপুৰ্ন এখন মুছলিম দেশ। বিগত কেইবছৰমানৰ পৰা ইছলামীক সন্ত্ৰাসবাদী সংগঠনে দেশ খনত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰি আহিছে। ২০১৬ চনত ISIS য়ে ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । এই আক্ৰমণত ২২ জনকৈ লোক নিহত হৈছিল ।২২ জনৰ ১৮ লোকে বিদেশী আছিল ।