বাজেট ২০১৯: কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৃষকৰ কাৰণে আগবঢ়াইছে উপহাৰৰ বিশেষ টোপোলা

বাজেট ২০১৯: কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৃষকৰ কাৰণে আগবঢ়াইছে উপহাৰৰ বিশেষ টোপোলা
Published on

আজি সংসদত উত্থাপন হ’ল প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট৷ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে বৰ্তমান চিকিৎসালয়ৰ পৰা অহা অৰুণ জেটলিক সুঁৱৰি উল্লেখ কৰিলে কিছু মহত্ত্বপূৰ্ণ ঘোষণা ৷ সকলোৰে কাৰণে বাজেটখনৰ উপযোগীতিৰ কথা উল্লেখ কৰি দেশৰ কৃষকসকলৰ কাৰণে বাজেটে সুখবৰ কঢ়িয়াই অনাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৷লগতে দেশৰ গ্ৰামীন পথ সমূহৰ কাৰণে ৯০০০ কোটি টকা আৱন্টিত কৰিব বুুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৷ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে দেশৰ কৰ দাতা সকলৈও আগবঢ়াই এক বিশেষ খবৰ ৷

সময়মতে কৰ পৰিশোধ কৰা কৃষকলৈ ৫% সুত ৰেহাই দিয়ে ৷ লগতে ৩ কোটি মধ্যবিত্ত ঋণ পৰিশোধকাৰীক উপকৃত হ’ব। ইফালে ৫ লাখ বাৰ্ষিক বেতন লাভ কৰা লোকসকলৰ কৰ ৰেহাই দিয়া মাছমৰীয়া সকলৰ কাৰণে ২ শতাংশ সুদ ৰেহাই ৷ লগতে যিসকল মাছমৰীযাই সময়মতে ঋণ পৰিশোধ কৰিব তেওঁলোকেও সুদ ৰেহাই পাব ৷ ইফালে ক্ষুদ্ৰ চাহখেতিয়ক সকললৈ মোডী চৰকাৰে দিছে বিশেষ উপহাৰ ৷ কাৰণ প্ৰতি বছৰে চৰকাৰে দিব ৬ হাজাৰ টকাৰ সাহাৰ্য্য ৷৭৫ হাজাৰ কোটি টকাৰ খৰচৰে কৃষকৰ কাৰণে লৈছে এক আঁচনি ৷

ইফালে দেশৰ কৃষকসকলৰ ক্ষেত্ৰত ২ হেক্টৰ কৃষিভূমি থকা সকললৈ আগবঢ়াইছে এক বিশেষ সুবিধা ৷ক্ষুদ্ৰ খেতিয়ক সকলক প্ৰতিমাহে বেংক একাউন্টৰ জৰিয়তে প্ৰদান কৰিব ৫০০ টকা৷ ইয়াৰোপৰি প্ৰমানমন্ত্ৰী কিষাণ আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলক সহায় কৰিব চৰকাৰে ৷প্ৰায় ১২ লাখ কৃষক লাভাম্বিত হ’ব প্ৰধানমন্ত্ৰীৰ এই আঁচনিখনৰ জৰিয়তে ৷ইফালে বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে ঘোষণা কৰে যে ভাৰতে অনাগত ৫ বছৰত ৫ ট্ৰিলিয়ন অৰ্থব্যৱস্থা আৰু ৮ বছৰত ১০ ট্ৰিলিয়ন অৰ্থব্যৱস্থা হোৱা লক্ষ্য কৰি লৈছে ৷

অন্যহাতে ভাৰতীয় ৰেলৱেৰ কাৰণে আগবঢ়াইছে এক সুন্দৰ উপহাৰ আছে বাজেটত ৷ কাৰণ কেন্দ্ৰীয় বাজেটত দেশত ৰেলৱেৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে ১.৫ ট্ৰিলিয়ন টকা আৱন্টন কৰিছে ৷পীয়ুষ গোয়েলে মোডী চৰকাৰৰ প্ৰশংসা কৰি কয় যে ভাৰতে অতি সোনকালে চেমী হাই স্পীড ট্ৰেইন বন্দে ভাৰত এক্সপ্ৰেছৰ মাধ্যমমেৰে বিশ্ব স্তৰীয় ট্ৰেইন আৰম্ভ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com