বাজেট ২০১৯-২০ক জনতাৰ বাজেট আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বাজেট ২০১৯-২০ক জনতাৰ বাজেট আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
Published on

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম বিধানসভাত ঘোষণা কৰিলে ২০১৯-২০ বৰ্ষৰ বাজেট ৷ ২০১৯-২০ বৰ্ষৰ বাজেটখন জনতাৰ বাজেট । সমাজৰ সকলো শ্ৰেণীৰ সামাজিক প্ৰতিবন্দকতা আৰু অৰ্থনৈতিক উন্নয়ণত প্ৰচুৰ পৰিমাণে সহায় কৰিব এই বাজেটখনে ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷বাজেটখনে বৰাক, ব্ৰহ্মপুত্ৰ,পাহাৰ,ভৈয়াম সকলো লোকৰ সম বিকাশ আৰু সম মৰ্যাদা লাভ কৰাৰ কাৰণে সহায় কৰিব।

ৰাজ্যখনৰ প্ৰায় ৫৪ লাখ পৰিয়ালক ১ টকা মূল্যত চাউল আৰু চাৰি লাখ চাহ শ্ৰমিকক বিনামূলীয়া চেনী প্ৰদান কৰাৰ পদক্ষেপ লোৱা হৈছে বাজেটখনত ৷এই মন্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ ৷ ইয়াৰোপৰি অৰুন্ধতি,জ্ঞান দীপিকা,বিস্তাৰিত অটল অমৃত যোজনা,বিস্তাৰিত কনকলতা মহিলা সৱলীকৰণ যোজনা,শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি,কৃষক কল্যান আদি আঁচনিসমূহ ৰাজ্যৰ সকলো লোকৰ উত্তৰণত সহায় কৰিব বুলিও কয় মুখ্যমন্ত্ৰী সোনোৱালে ৷

অসমৰ পৰ্য্যতন বিভাগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে অসম দৰ্শন,ভাষা গৌৰৱ আৰু অসম মালা আঁচনিৰ জৰিয়তে বিভিন্ন পৰ্য্যতন স্থলৰ বিকাশ আৰু প্ৰচাৰ হ’ব৷এই আঁচনি সমূহে অনাগত তিনি বছৰত ১০০০ কিলোমিটাৰ দীৰ্ঘস্থায়ী উচ্চ ক্ষমতা সম্পন্ন পথ সমূহৰ নিৰ্মাণত নেতৃত্ব দিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com