বিজেপিক প্ৰত্যাহবান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

বিজেপিক প্ৰত্যাহবান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিক প্ৰত্যাহবান জনাইছে। প্ৰফুল্ল কুমাৰ মহন্তই ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহবান জনাই কয় যে যদি বিজেপিৰ সাহস আছে অসমৰ জনসাধাৰণৰ পৰা পূৰ্ণ সমৰ্থন আদায় কৰি দেখুৱাওক। মহন্তই স্পষ্ট ভাষাৰে কয় যে অসম গণ পৰিষদে মিত্ৰতা ত্যাগ কৰাৰ পিছত বিজেপিৰ দিছপুৰত গাদী দখল কৰি থকাৰ কোনো নৈতিক অধিকাৰ নাই, কাৰণ অসমৰ জনসাধাৰণে নিৰ্বাচনৰ পূৰ্বেমিত্ৰজোটকহে সমৰ্থন কৰিছিল। গুৱাহাটীত মংগলবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত অংশগ্ৰহণ কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে নহয় অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে পৰিছয় দিয়া প্ৰফুল্ল কুমাৰ মহন্তই কয় যে বিজেপিয়ে অসম বিধান সভাৰ নিৰ্বাচনত অসম গণ পৰিষদ আৰু বিপিএফ দলৰ সৈতে মিত্ৰতা কৰিহে জনসমৰ্থন লাভ কৰিছিল।

বিজেপিৰ লগত কৰা মিত্ৰতাৰ বাবে অসম গণ পৰিষদ আৰু বিপিএফ দলৰ তিনিজনকৈ প্ৰতিনিধি শাসকীয় দলত মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। বিজেপিয়ে সৰ্বাধিক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল হিচাপে দলৰ পৰা মুখ্যমন্ত্ৰী পদটো লাভ কৰিছে। যিহেতু অসম গণ পৰিষদে নিৰ্বাচনৰ পূৰ্বৰে পৰা বিজেপিৰ লগত মিত্ৰতাত আছিল এতিয়া মিত্ৰতা ভংগ হোৱাত দলটোৰ শাসনত থকাৰ কোনো ধৰণৰ অধিকাৰ নাই। যদিহে দলটোৰ সাহস আছে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিহে ক্ষমতালৈ আহিব লাগে বুলিও মহন্থই কটাক্ষ কৰে। মিত্ৰতাত থাকিলে চৰকাৰে বিভিন্ন সিদ্ধান্ত সমূহ সহযোগি দলৰ লগত বহি আলাপ আলোচনাৰ মাধ্যমেৰে লয় কিন্তু অসমৰ বিজেপি চৰকাৰ খনে প্ৰথমে নিজেই সিদ্ধান্ত লয় আৰু সেইবোৰ সহয়োগি দল অসম গণ পৰিষদ আৰু বিপিএফৰ ওপৰত জাপি দিয়ে বুলিও মহন্তই উল্লেখ কৰে।

বিজেপিয়ে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত এখন কেন্দ্ৰীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু বিধেয়কখনক সমৰ্থন কৰাৰ সিদ্ধান্ত এই বৈঠকত লৈছিল। এতিয়া অসম গণ পৰিষদে বিজেপি দলৰ সৈতে থকা মিত্ৰতা পৰিত্যাগ কৰিছে আৰু পলম হলেও এই সিদ্ধান্ত আদৰণিয়। এটা কথা সকলোৱে লক্ষ্য কৰা উচিত যে অসম গণ পৰিষদে দলৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা নাই, একমাত্ৰ অসম আৰু অসমীয়াৰ স্বাৰ্থত দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মহন্তই স্পষ্টকৈ কয়। হাগ্ৰামা মহিলাৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে দিয়া মন্তব্যৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত অগপৰ প্ৰাক্তন সভাপতি জনে কয় যে এই বিধেয়কে বিটিএডি অঞ্চলতো প্ৰভাৱ পেলাৱ।অসম গণ পৰিষদে লোকসভা্ত বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক খন উত্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে মিত্ৰযোঁটৰ পৰা আটৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।দলৰ সভাপতি অতুল বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com