বিত্তীয় ঘাটিৰ বাবে ভৰতীয় ৰিজাৰ্ভ বেংকৰ জমাধনৰ প্ৰয়োজন নাই: জেটলী

বিত্তীয় ঘাটিৰ বাবে ভৰতীয় ৰিজাৰ্ভ বেংকৰ জমাধনৰ প্ৰয়োজন নাই: জেটলী

ভাৰতৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলীয়ে সোমবাৰে স্পষ্ট ভাষাৰে প্ৰকাশ কৰে যে বিত্তীয় ঘাটিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুদানৰ কোনো ধৰণৰ প্ৰয়োজন নাই। লোকসভাই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৮৫৯৪৮.৮৬ কোটি টকা আৰু বেংক সমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে ৪১০০০ কোটি টকাৰ প্ৰয়োজন হব বুলি লোৱা প্ৰস্তাৱ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত এই দৰে মন্তব্য কৰে ভাৰতৰ বিত্ত মন্ত্ৰী জনে।অৰুণ জেটলীয়ে কয় যে এই খন চৰকাৰৰ বিত্তীয় ঘাটিৰ পৰিমাণ অন্য চৰকাৰৰ তুলনাত কম আৰু আমাক এই বিত্তীয় ঘাটি পুৰোৱাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনো জমাধন খৰচ কৰাৰ প্ৰয়োজন নাই।

ভাৰতৰ নৱেম্বৰ মাহলৈ বিত্তীয় ঘাটিৰ পৰিমান হ'ল ৭.১৭ লাখ কোটি টকা যিটো বাজেটত উল্লেখ থকা ৬.২৪ লাখ কোটিৰ বিপৰীতে ১১৪.৮ শতাংশ বেছি। কেন্দ্ৰীয় মন্ত্ৰী জনৰ বক্তব্য চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা বিত্তীয় ঘাটি পূৰণ কৰাৰ বাবে টকা বিচৰা বুলি ওলোৱা বাতৰিৰ পিছতে প্ৰকাশ পাইছে। ভাৰতৰ চৰকাৰে আগন্তক নিৰ্বাচনৰ পূৰ্বেই সমাজ কল্যাণ আচনি ৰূপায়ন কৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ জমা ধনৰ পৰা ধন বিছাৰি আবেদন কৰা বুলি ওলোৱা বাতৰিক জেটলীয়ে খণ্ডন কৰে। ভাৰত বৰ্ষৰ বেংক সমূহক পুনৰীজ্জীৱিত কৰাৰ বাবে ২৭-২৮ শতাংশ টকাৰ প্ৰয়োজন নে বুলি জেটলীয়ে প্ৰশ্ন কৰি কয় যে আমি মাত্ৰ এখন সমিতি গঠন কৰি সমগ্ৰ ঘটনাটো পুনৰ বিচাৰ কৰিবহে বিচাৰিছো। দ্বিতীয়তে থকা দাবীটো হ'ল বেংক সমূহৰ কাৰ্যদক্ষতাহীনৰ বাবে ৰাজহুৱা খণ্ডৰ বেংক সমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে ২০১৮-১৯ বৰ্ষত ৪১০০০ কোটি টকা অনুদান আগবঢ়োৱা সন্দৰ্ভতো জেটলীয়ে মন্তব্য কৰে। জেটলীয়ে কয় যে চৰকাৰে লোৱা নতুন আইবিচি আদি পদক্ষেপৰ ফলত পুনৰ বেংক ব্যৱস্থালৈ ধন ঘূৰি আহিছে। আইবিচি ব্যৱস্থাৰ ফলত ৰাজহুৱা খণ্ডৰ বেংক সমূহৰ বেলেঞ্চ চিটো পৰ্য্যয়ক্ৰমে ভাল অৱস্থালৈ ঘূৰি আহিছে বুলি বিত্তীয় মন্তৰী জনে মন্তব্য কৰে।

এতিয়ালৈ প্ৰায় তিনি লাখ কোটি টকা বেংকলৈ পুনৰ ঘূৰি আহিছে। জেটলীয়ে কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত বেংক সমূহৰ নন পাৰফৰ্মিং এচেটৰ পৰিমাণ বৰ্তমানৰ চৰকাৰ খনতকৈ বেচি আছিল। ভাৰতৰ অৰ্ধনৈতিক বিকাশ সন্দৰ্ভতো জেটলীয়ে মন্তব্য কৰি কয় যে ভাৰতে বিশ্বৰ ৩ শতাংশ হাৰৰ জিডপি বৃদ্ধিৰ বিপৰীতে ৭.৫ শতাংশ বৃদ্ধিৰে অধিক বেগত অৰ্থনৈতিক বিকাশৰ দিশত আগবাঢ়ি গৈছে। ভাৰতে আনকি চীনতকৈও অধিক হাৰত জিডিপিৰ বিকাশেৰে আগবাঢ়ি আছে। জেটলীয়ে আকৌ কয় যে ভাৰত চৰকাৰে কৃষকৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত লব। কৃষক সকলে যাতে কৃষিৰ ক্ষেত্ৰত খৰছ কৰা মূল্যতকৈ ৫০ শতাংশ অধিক মূল্য লাভ কৰে তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com