বৰ্ষটোৰ আৰম্ভনিটেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে সুখবৰ কঢ়িয়াই আনিছে কৃষকসকলৰ কাৰণে

বৰ্ষটোৰ আৰম্ভনিটেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে সুখবৰ কঢ়িয়াই আনিছে কৃষকসকলৰ কাৰণে

নতুন বৰ্ষৰ আৰম্ভনিতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্প্ৰতি লক্ষ্য হৈছে কৃষকসকলৰ সৰ্বাঙ্গীন উন্নয়ন ।সেয়েহে বৰ্ষটোৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীয়ে লৈ আনিছে কৃষকসকলৰ কাৰণে এক বিশেষ উপহাৰ ৷ কৃষকসকলৰ কৰ ৰেহাইৰ পৰিৱৰ্তে কৃষকসকলৰ হিতৰ কাৰণে এনেধৰণৰ কাম কৰিবলৈ উলাইছে; যাৰ দ্বাৰা কৃষকসকলে নিজৰ কৃষিত অত্যাধিক লাভ কৰিবলৈ সক্ষম হ’ব । সেয়েহে বৰ্ষটোৰ প্ৰত্যেকটো চিজনত ৪০০০ হাজাৰকৈ দিয়াৰ এক আঁচনিৰ জৰিয়তে কৃষকসকলক সহায় কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷

অন্যহাতে কৃষকসকলৰ সুবিধাৰ্থে এই সমগ্ৰ টকাখিনি তেওঁলোকৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰা হ’ব। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি চলিত সপ্তাহতে এই আঁচনি খন মুকলি কৰিব পাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ অৱশ্যে ইয়াৰ দ্বাৰা চৰকাৰী কৰৰ পৰিমাণ বৃদ্ধি পাব ৷ উল্লেখ্য যে চৰকাৰে এই আঁচনিখনৰ ধন কৃষকসকলৰ একাউন্টত দিব যদিও, কৃষকসকলেও চৰকাৰক দিব লাগিব কিছু দাতা বা বিৱৰণ ৷ ইয়াৰ ভিতৰত কৃষিৰ ফচল বিক্ৰী কৰাৰ সময়, বীজ ক্ৰয় কৰাৰ সম্পূৰ্ণ বিৱৰণ,আধাৰ কাৰ্ড, ফচল উৎপাদনৰ পৰিমাণৰ বিৱৰণ, কৃষকসকলৰ ভূমিৰ পৰিমাণ আদিৰ বিৱৰণ ফছল বিক্ৰী কৰাৰ সময়ত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক দিব লাগিব কৃষকসকলে ৷

কিন্ত এক তথ্য অনুসৰি এই আঁচনিখন তেলেংগনা চৰকাৰৰ আঁচনিতকৈ পৃথক হ’ব ৷ কাৰণ তেলেংগনা চৰকাৰে কৃষকসকলক কৃষি উৎপাদনৰ প্ৰাকমূহুৰ্ততে প্ৰতি বিঘা ভূমিত ৪০০০ টকা প্ৰদান কৰে। ইফালে কৃষি লোনৰ ক্ষেত্ৰত লাভ কৰা ধনৰ পৰিমাণ ৫০, ০০০ টকাৰ বিপৰীতে ১ লাখ টকালৈ বৃদ্ধি কৰে ৷ অন্যহাতে পূৰ্বতে কৃষি লোনৰ ক্ষেত্ৰত ৪ শতাংশ সূত আদায় কৰিছিল কৃষকসকলৰ পৰা৷ কিন্তু সম্প্ৰতি নতুন বৰ্ষৰ এই আঁচনি খনৰ দ্বাৰা ১ লাখ টকালৈকে কোনো সূত নলয় মোডী চৰকাৰে৷এয়া নিশ্চয় কৃষকসকলৰ কাৰণে সুখবৰ । উল্লেখ্য যে,বিত্ত মন্ত্ৰ্যালয়ৰ এক তথ্য অনুসৰি কৃষকসকলক আৰ্থিকভাৱে সকাহ দিবলৈ আৰু ২০২২ চনৰ ভিতৰত কৃষিৰ আমদানি দুগুন কৰিবলৈ চৰকাৰে এই পদক্ষেপ হাতত লৈছে ৷ এই সন্দৰ্ভত এক আলোচনাত মিলিত হ’বৰ কাৰণে কিছুদিন পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৃষি মন্ত্ৰী ৰাধা মোহন সিং আৰু বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ লগত মিলিত হৈছিল ৷ এই বৈঠকখনত কৰ ৰেহাই কৰি দিয়াৰ বিপৰীতে কৃসকসকল কেনেকৈ আত্মনিৰ্ভৰশীল হ’ব পাৰে সেই সম্পৰ্কে আলোচনা কৰে ।

ইফালে তিনিখন ৰাজ্যত বিজেপি ক্ষমতাচ্যুত হোৱাৰ পিছত অনাগত লোকসভা নিৰ্বাচনলৈ ককালত টঙালি বান্ধিছে মোডী চৰকাৰে ৷ লগতে কৃষকসকলৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰিছে মোডী চৰকাৰে । কৃষকসকলৰ উন্নয়নৰ ক্ষেত্ৰত কৰা এই আঁচনি খনৰ সন্দৰ্ভত কৃষকসকলৰ নেতাৰ লগত এখন বৈঠকত অতি শীঘ্ৰেই মিলিত হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ অন্যহাতে এই সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’বৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নীতি আয়োগ এক বৈঠকত মিলিত হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com