ভূটানৰ সামগ্ৰিক উন্নয়নত আমি বিশ্বস্ত বন্ধুৰ দৰে দায়িত্ব পালন কৰিমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ভূটানৰ সামগ্ৰিক উন্নয়নত আমি বিশ্বস্ত বন্ধুৰ দৰে দায়িত্ব পালন কৰিমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

শুক্ৰবাৰে ভাৰতবৰ্ষই ঘোষণা কৰে যে ভূটানক প্ৰায় ৪,৫০০ কোটি টকা প্ৰদান কৰিব ৷ শুক্ৰবাৰে নতুন দিল্লীৰ এক বৈঠকত ভাৰত ভূটান হিমালয় জাতিৰ জলবিদ্যুত প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লোটে তেহেৰিংয়ে ৷ লগতে ভাৰতে ভূটানৰ ১২ সংখ্যক পাঁচ বছৰৰ পৰিকল্পনাত প্ৰদান পৰিব প্ৰায় ৪,৫০০ কোটি টকা । বৈঠক খনৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে যে, আমি নিশ্চিত কৰিছোঁ যে ভূটানৰ সামগ্ৰিক উন্নয়নত বিশ্বস্ত বন্ধুৰ দৰে দায়িত্ব পালন কৰিম ৷

ইফালে, ভূটানৰ ১২ সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতে ভূটানক ৪,৫০০ কোটি টকাৰ অৱদান হিচাপে প্ৰদান কৰিব ৷ অন্যহাতে, ভূটানৰ ১২ সংখ্যক পঞ্চবাৰ্ষিক আঁচনি ২০১৮ চন অৰ্থাৎ চলিত বৰ্ষৰ পৰা ২০২৩ চনলৈকে হ’ব। এই সন্দৰ্ভত ভূটানৰ প্ৰধানমন্ত্ৰী তেহেৰিঙয়ে নিজৰ "নেৰোইং দ্য গেপ" ৰ বিস্তাৰকৈ বৰ্ণনা কৰে ৷ ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে "সবকা সাথ সবকা বিকাশ"ৰ প্ৰসংগও উল্লেখ কৰে ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে জল বিদুৎ প্ৰকল্পৰ আঁচনিসমূহৰ বিকাশ ভাৰত আৰু ভূটানৰ সহায়তাত আৰু অধিক আগবাঢ়ি যাব ৷ ভূটানত ৭২০ মেগাৱটৰ মেঘদূত জল বিদুৎ প্ৰকল্পৰ কাম অতি শীঘ্ৰেই আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে, নতুন দিল্লীয়ে প্ৰথমতেই ভূটানত ১,৪১৬ মেগাৱতৰ তিনিটা জল বিদুৎ প্ৰকল্পৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ৷আৰু ইতিমধ্যে সেই জলবিদুৎ প্ৰকল্পসমূহৰ কাম আৰম্ভ হৈছে ৷ তাৰ পৰা উৎপন্ন হোৱা শক্তিসমূহ প্ৰায়ভাগ ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰয়োগ কৰিব পাৰিব ৷ লগতে মোডীয়ে কয় যে অন্যান্য পৰিকল্পনাসমূহৰ কাম অতি ক্ষিপ্ৰ গতিত সম্পন্ন হ’ব। ইফালে অন্তৰীক্ষ বিজ্ঞানৰ ক্ষেত্ৰত দুয়োখন দেশৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে,অন্তৰীক্ষ বিজ্ঞান দুয়োখন দেশে সহযোগিতা কৰিছে ৷

লগতে মোডীয়ে কয় যে ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংগঠন (ইছৰ’) য়ে অতি শীঘ্ৰেই ভূটানত এক গ্ৰাউণ্ড ষ্টেচন বিকশিত কৰিব ৷ আৰু এই বিকাশ এবাৰ যদি আৰম্ভ হয় তেন্তে ভূটানৰ বতৰ সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত সহায় কৰিব ৷ইয়াৰ পিছতে তিশাৰিঙয়ে কয় যে, ভাৰত ভূটানৰ ৰাজনৈতিক সম্পৰ্কৰ স্বৰ্ণ জয়ন্তী আগবঢ়াই নিব বিছাৰে ৷ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীজনে কয় যে মই বহুত সুখী যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাৰ লগত ব্যক্তিগত ভাৱে আমাৰ সহায়ৰ হাত আগবঢ়াইছে ৷

২০১৩ চনত তিশাৰিঙৰ ড্ৰাক ন্যামৰূপ ত্যোগ্পা পাৰ্টিয়ে অক্টোবৰ মাহত হোৱা নিৰ্বাচনত ৪৭ খন আসনৰ ভিতৰত ৩০ খন আসন লাভ কৰে ৷২০১৩ চনত তিশাৰিঙৰ ড্ৰাক ন্যামৰূপ ত্যোগ্পা পাৰ্টিয়ে অক্টোবৰ মাহত হোৱা নিৰ্বাচনত ৪৭ খন আসনৰ ভিতৰত ৩০ খন আসন লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com