ভূত বাংলাত পৰিণত হলৌখোৱা পশু চিকিৎসা কেন্দ্ৰ

ভূত বাংলাত পৰিণত হলৌখোৱা পশু চিকিৎসা কেন্দ্ৰ

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দেওঁপানী স্বায়ত্ব পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হলৌখোৱাত থকা হলৌখোৱা পশু চিকিৎসা কেন্দ্ৰটো এতিয়া ভূত বাংলাত পৰিণত হৈছে । বহু বছৰ আগতেই স্থাপিত হোৱা পশু চিকিৎসা কেন্দটো স্থাপনৰ পাছত দুবছৰ মান চিকিৎসা সেৱা ৰাইজে লাভ কৰিছিল যদিও ৰহস্য জনক কাৰণত পশু চিকিৎসা সেৱাৰ পৰা ৰাইজ বঞ্চিত হব লগা হয়।

অভিযোগ অনুসৰি তেতিয়াৰ পৰা আজিলৈকে এজনো কৰ্মচাৰীক ৰাইজে লগ পোৱাৰ সৌভাগ্য হোৱা নাই । পশু চিকিৎসা কেন্দ্ৰৰ গৃহটো বৰ্তমান হলৌখোৱাত বছৰ বছৰ ধৰি প্ৰাচীন কৃৰ্তীচিহ্নৰ দৰে হলৌখোৱাত ৰাইজে সংৰক্ষিত কৰি থৈছে ।

উল্লেখযোগ্য যে হলৌখোৱা হ'ল প্ৰধানকৈ কৃষিৰ ওপৰতেই নিৰ্ভৰশীল বোকাজান মহকুমাৰ অতি পিচপৰা অঞ্চল । পশু চিকিৎসা কেন্দ্ৰটো স্থাপনৰ ফলত কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষক সকল পশুধনৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে কেন্দ্ৰটোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হৈছিল ।

এতিয়া পশু চিকিৎসা কেন্দ্ৰটো বছৰৰ পিছত বছৰ ধৰি বন্ধ হৈ থকাত স্থানীয় কৃষক ৰাইজে পশুধন বেমাৰ আজাৰত আক্ৰান্ত হ'লে কলৈ নিব, ক'ত চিকিৎসা কৰাব তাক লৈ সদায় বিপাঙত পৰা পৰিলক্ষিত হৈছে । অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক পশু চিকিৎসা কেন্দ্ৰটো কাৰ্য্যক্ষম কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে দাবী জনাইছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com