ভূমি,ভাষা,নিয়োগ সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰ প্ৰতিশ্ৰুতি বদ্ধঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ভূমি,ভাষা,নিয়োগ সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰ প্ৰতিশ্ৰুতি বদ্ধঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

স্থানীয় লোকসকলৰ ভাষা,ভূমি,নিয়োগ সকলো সুৰক্ষিত থাকিব৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ (Sarbananda Sonowal) ৷ মংগলবাৰে ব্ৰহ্মপুত্ৰ ষ্টেট গেষ্ট হাউচৰ কনফাৰেন্স হল’ত অসম সাহিত্য সভাৰ প্ৰতিনিধি আৰু ৰাজ্যৰ অন্যান্য স্থানীয় সাহিত্যকাৰী সকলৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ মুখ্যমন্ত্ৰী সোনোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ লগতে অন্যান্য বিষয় সমূহৰ ওপৰতো আলোচনা কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে অসম চুক্তি ৬ নং দফাৰ সুৰক্ষিত কৰাৰ লগতে ভূমি,ভাষা,স্থানীয় নিকায়,পঞ্চায়ত,ৰোজগাৰৰ লগতে অন্যান্য বিষয় সমূহ স্বদেশী লোকৰ কাৰণে সুৰক্ষিত কৰা হ’ব।

সমাজত বিভিন্ন সংস্থাই নেতিবাচক গুজব বিয়পাইছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত হোৱাৰ পিছত বিদেশত থকা লোকসকলে ৰাজ্যখন আগুৰি ধৰিব৷কিন্তু বৈঠক খনত অসম সাহিত্য সভাৰ সকলো কৰ্মকৰ্তা সকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৬ জনগোষ্ঠীৰ বিধেয়কখনৰ সন্দৰ্ভত জাগৰণ অনাৰ কথা কয় ৷লগতে স্বদেশী লোকসকলৰ ভাষা আৰু সংস্কৃতিৰ বিপদত পেলোৱা কোনো পদক্ষেপ লোৱাৰ অনুমতি নিদিয়াৰ কথাও কয় মুখ্যমন্ত্ৰী সোনোৱালে ৷কাৰণ চৰকাৰ জনসাধাৰণৰ সুৰক্ষা কাৰণে প্ৰতিজ্ঞা বদ্ধ ৷

সম্প্ৰতি বিধেয়কখনক অসম বিৰোধী বুলি কোৱা হৈছে ৷এই মন্তব্য গ্ৰহণ যোগ্য নহয় ৷ৰাজ্য চৰকাৰ স্বদেশী ভূমি পুত্ৰ সকলক লৈ গঠন কৰা হৈছে। যিয়ে স্থানীয় লোকসকলৰ হিতৰ কাৰণে কাম কৰিব৷সেয়েহে ৰাজ্য চৰকাৰে ভূমিহীন স্বদেশী লোকক ভূমিৰ পট্টা প্ৰদান কৰিব ৷ লগতে ৰাজ্যৰ ভূমি আৰু সংস্কৃতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সকলো আৱশ্যকীয় পদক্ষেপ হাতত লোৱা হ’ব ৷ছয় জনজাতিৰ জনজাতিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ছয় জনজাতীয় অনুসূচিত লোকসকলৰ আসন সংৰক্ষণৰ কাৰণে সকলো উপায় কৰা হ’ব৷

ইফালে বৈঠকখনত উপস্থাপন হোৱা অন্যান্য বিষয় সমূহৰ ভিতৰত অসমীয়া ভাষা বিধেয়ক বাস্তৱায়িত কৰা,ইউনিকোডৰ লগতে ৰাজ্য চৰকাৰৰ সকলো স্তৰত অসমীয়া ভাষাৰ ব্যৱহাৰ আদিৰ কথাও উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, বৈঠকখনত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী,প্ৰধান সচিব আলোক কুমাৰ,মুখ্যমন্ত্ৰীৰ সচিব সঞ্জয় লোহিয়া, অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী,বড়ো সাহিত্য সভাৰ সভাপতি কমলা কান্ত মুছাহাৰীৰ লগতে অন্যান্য লোকসকল উপস্থিত থাকে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com