মহাকাশৰ মহাশক্তিত নাম অন্তৰ্ভুক্ত কৰিছে ভাৰতে: নৰেন্দ্ৰ মোদী

মহাকাশৰ মহাশক্তিত নাম অন্তৰ্ভুক্ত কৰিছে ভাৰতে: নৰেন্দ্ৰ মোদী

দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে মহাকাশৰ মহাশক্তিত নাম অন্তৰ্ভুক্ত কৰিছে ভাৰতে ।এই সফলতা লাভ কৰা চতুৰ্থখন দেশ হৈছে ভাৰত । আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছতে ভাৰতৰ স্থান বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ভাৰতৰ মিছন শক্তিৰ অসাধাৰণ সফলতা । এন্টি ছেটেলাইট ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণৰ বাবে এই প্ৰশংসা মোদীৰ ।

ভাৰতৰ কক্ষপথৰ পৰা এটা লাইভ ছেটেলাইট A- SAT অস্ত্ৰৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বিজ্ঞানীয়ে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

নিম্ন কক্ষপথত এই কৃটিম উপগ্ৰহক ভাৰতে ভূপতিত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মোদীয়ে । মিছন শক্তিৰ এই অভূতপূৰ্ব সফলতাৰ দাবীদাৰ ভাৰতৰ মহাকাশ বিজ্ঞানীসকল। এই কঠিন মিছন শক্তি মাত্ৰ ৩ মিনিটৰ ভিতৰত সফল হবলৈ সক্ষম হৈছিল ।

মিছন শক্তি ভাৰতৰ সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু উন্নত প্ৰযুক্তিৰ বাবে যথেষ্ট প্ৰয়োজনীয় । ভাষনৰ প্ৰসংগত মোদীয়ে DRDO ৰ বিজ্ঞানী সকলক প্ৰসংসা কৰে । নিম্ন কক্ষপথৰ কৃটিম উপগ্ৰহক ভূপতিত কৰিবলৈ সক্ষম হৈছে ।

লগতে প্ৰকাশ কৰে যে ভাৰতৰ এই অভিযানে কোনো আন্তঃৰাষ্ট্ৰীয় চুক্তি উলংঘন কৰা নাই বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে এক গুৰুত্বপূৰ্ণ বাৰ্তা লৈ দেশবাসীক সম্বোধন কৰাৰ কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই অনুষ্ঠানতে বিজ্ঞানী সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেশবাসীকো ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com