মানৱ অধিকাৰ খৰ্ব কৰাৰ গোচৰত শীৰ্ষ স্থানত আছে বৰাক উপত্যকা

মানৱ অধিকাৰ খৰ্ব কৰাৰ গোচৰত শীৰ্ষ স্থানত আছে বৰাক উপত্যকা

অসমৰ ভিতৰতে মানৱ অধিকাৰ খৰ্ব হোৱা গোচৰ সৰ্বাধিক ৰুজু হয় বৰাক উপত্যকা। প্ৰত্যেক দিনে প্ৰায় ৫ টা গোচৰ ৰুজু হয় বৰাক উপত্যকাত ।

এই তথ্য পোহৰলৈ আহিছে বৰাক উপত্যকাত চলোৱা ৩ দিনীয়া এক সমীক্ষাত । অসম মানৱ অধিকাৰ আয়োগে গঠন কৰি দিয়া এটা গোটে সমীক্ষা চলাইছিল যোৱা মাহত । অসম মানৱ অধিকাৰ আয়োগে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে যে সৰ্বাধিক মানব অধিকাৰ খৰ্ব হোৱাৰ গোচৰ আৰক্ষীৰ বিৰুদ্ধে আছে।

সুত্ৰয়ে প্ৰকাশ কৰা মতে অসম মানৱ অধিকাৰ আয়োগে কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰৰ কাৰাগাৰ জৰাজীৰ্ণ অবস্থা দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে । লগতে প্ৰকাশ কৰে যে হাইলাকান্দি কাৰাগাৰৰ অবস্থা অতি পুতৌ জনক আৰু অস্বাস্থ্যকৰ। স্বাস্থ্য সেৱাৰ কোনো ব্যবস্থা নাই বুলি প্ৰকাশ কৰে ।

অসম মানৱ অধিকাৰ আয়োগে হাইলাকান্দি জেলত সোধপোছৰ বাবে অনা ব্যক্তি, সন্দেহজনক অপৰাধী আৰু সন্দিহান নাগৰিকক একে কক্ষতে থাকিবলৈ দিয়া দেখি হতভম্ব হৈ পৰে বুলি প্ৰকাশ কৰে । দোষ অনুযায়ী বেলেগ বেলেগ কক্ষত ৰখাৰ ব্যবস্থা কৰিব লাগে বুলি প্ৰকাশ কৰে ।

হাইলাকান্দিত আধুনিক সুবিধা থকাকৈ নতুন কাৰাগাৰ নিৰ্মান কৰিব লাগে বুলি প্ৰকাশ কৰে আয়োগে ।কৰিমগঞ্জ আৰু শিলচৰৰ কাৰাগাৰৰ অবস্থা দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে অসম মানৱ অধিকাৰ আয়োগে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com