শিৱ সেনাই বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ

শিৱ সেনাই বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সম্পৰ্কে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰি যোৱাৰ পিছতে ৰাজ্যত বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ জাতীয়তাবাদী দল অসম গণ পৰিষদে ৰাজ্যৰ লগতে অন্য ৰাজ্যৰ জাতীয়তাবাদী দল সমূহক লগ কৰি এই বিধেয়কৰ সংসদৰ মজিয়াত বিৰোধিতা কৰাৰ বাবে আহ্বান জনাইছিল। আজি সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা পূৰ্বেই মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী দল শিৱ সেনাই বৰিবাৰে সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সময়ত ইয়াৰ বিপক্ষে প্ৰতিবাদ কৰিব বুলি ঘোষণা কৰিছে।

শিৱ সেনাৰ তৰফৰ পৰা দলৰ নেতা সঞ্জয় ৰাউটে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিৱ সেনাৰ সঞ্জয় ৰাউটে কয় যে অসম গণ পৰিষদ দলে অসমৰ বৃহত্তৰ অসমীয়া জনসাধাৰণৰ মংগলৰ কাৰণে, অসমীয়া ভাষা, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষা কৰাৰ বাবে আমাক লগ কৰি সদনৰ মজিয়াত ইয়াৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাইছিল। শিৱ সেনাৰ নেতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সদনত গৃহীত হ'লে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো অৰ্থহীন হৈ পৰিব বুলি উল্লেখ কৰে।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদ দলে দেশৰ বিভিন্ন ৰাজনৈতিক দলক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিৰোধিতা কৰিবৰ বাবে আহ্বান কৰি এক কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু আৰু আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰকো এই নাগৰিকত্ব সংশোধনী প্ৰসংগলৈ সাক্ষাৎ কৰিছিল। বিহাৰৰ নিতিশ কুমাৰৰ জনতা দল ইউনাইটেড ভাৰতীয় জনতা পাৰ্টিৰ সহযোগি দল হিচাপে আছে। জনতা দল ইউনাইটেডেও সদৌ অসম ছাত্ৰ সন্থাৰ অনুৰোধ ৰক্ষা কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com