সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়া হ’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়া হ’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
Published on

সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰত ৪৯ জন চিআৰপিএফক হত্যা কৰি সকলোতকৈ ডাঙৰ ভুল কৰিলে ৷ সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলে ইয়াৰ কাৰণে ভুগিব লাগিব। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীত ৰেল ষ্টেচনত "বন্দে ভাৰত" নামৰ প্ৰথম স্বদেশী ইঞ্জিন বিহীন ৰেল১৮ৰ মুকলি অনুষ্ঠানত পাকিস্তানক কটাক্ষ কৰি এই মন্তব্য কৰে ৷ জম্মু কাশ্মৰীৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰা বুলি পাকিস্তানৰ সন্ত্ৰাসবাদী জেইছ ই মহম্মদে দায়িত্ব স্বীকাৰ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে তীব্ৰ সমালোচনা কৰে দেশ খনক ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সুৰক্ষাৰ লগত জড়িত জোৱানসকলৰ বীৰতাৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে ৷সন্ত্ৰাসবাদকী যি আশ্ৰয় দিছে সেইসকলো এই ঘটনাৰ কাৰণে দায়ী ৷গতিকে সেইসকলে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগিব ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ দেশখনৰ কটাক্ষ কৰি কয় যে যিসমূহ শক্তি এই ঘটনাৰ পিছত জড়িত আছে,তেওঁলোকক শাস্তি দিয়া হ’ব ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে বিশ্বৰ বিভিন্ন অংশৰ পৰা বিছিন্ন হৈ থকা দেশ তথা আমাৰ কাষৰীয়া দেশৰ যদি অনুভৱ হৈছে যে তেওঁলোকৰ ৰণনীতি আৰু কু অভিসন্ধিয়ে ভাৰতক অস্থিৰ কৰি তুলিব ৷ তেন্তে, তেওঁলোকে বহুত ডাঙৰ ভুল কৰিছে ৷তীব্ৰ আৰ্থিক সংকটত ভোগা আমাৰ প্ৰতিবেশীৰ যদি অনুভৱ হৈছে ভাৰতক অস্থিৰ কৰি তোলা হ’ব তেন্তে, তেওঁলোকৰ সেই সপোনো কেতিয়াওঁ বাস্তৱত ৰূপায়িত নহয়।অন্যহাতে পাকিস্তানক ভাৰতে Most Favoured Nationৰ খিতাপ দিছিল ১৯৯৬ চনত। প্ৰধানমন্ত্ৰীৰ কেবিনেট সুৰক্ষাৰ ক্ষেত্ৰত দিয়া সমিতিয়ে দ্বিতীয় বাৰৰ কাৰণে পাকিস্তানক দিয়া 'Most Favoured Nation'ক আকৌ ঘুৰাই লোৱাৰ সিদ্ধান্তও লয় ৷

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়টোৰ সন্দৰ্ভত কোনো ৰাজনৈতিক দলকে ৰাজনীতি নকৰিবলৈ আহ্বান কৰে ৷ আৰু কয় যে এই সময়খিনি যথেষ্ট আৱেগিক আৰু মহত্ত্বপূৰ্ণ ৷ আমি ইয়াৰ বিৰুদ্ধে একত্ৰিত হ’ম ৷ প্ৰধানমন্ত্ৰী মোডীয়ে যিসমূহ দেশে ভাৰতৰ এই পৰিস্থিতিক সমৰ্থন কৰিছে সেই দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে ৷ আৰু এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰে ৷যেতিয়া সকলো দেশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুজঁ দিব,তেতিয়া সন্ত্ৰাসবাদী নিঃশেষ হৈ যাব ৷জোৱানসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশ্বাস প্ৰদান কৰে যে, অপৰাধ সংঘটিত কৰা দুস্কৃতিকাৰীসকলক নিঃশেষ কৰাৰ কাৰণে উচিত ব্যৱস্থা লোৱা হ’ব৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com