সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক এক অনন্য শক্তি হিচাপে স্বীকৃতি দিছে: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক এক অনন্য শক্তি হিচাপে স্বীকৃতি দিছে: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক এক অনন্য শক্তি হিচাপে স্বীকৃতি দিছে ৷ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা,ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছে ৷ এই মন্তব্য ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত বায়ুসেনাৰ এক অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে,শেহতীয়াকৈ মই ভিয়েটনাম আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিলো । এই দেশ দুখনৰ বিষয়াসকলৰ লগত কথোপকথনৰ জৰিয়তে জানিব পাৰিছিলো যে দুয়োখন দেশেই ভাৰতৰ লগত সহযোগিতা স্থাপন প্ৰতি আগ্ৰহী ৷

গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনা বাহিনীৰ ১১৮ নম্বৰ হেলিকপ্তাৰ উইংটোক "প্ৰেছিডেনছিয়েল ষ্টেটাছ"আৰু "এয়াৰ ডিফেন্স কলেজ"ক কালাৰ্ছ মৰ্যাদা প্ৰদান কৰে ৰাষ্ট্ৰপতি কোবিন্দে৷ লগতে ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ভাৰতে শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰলসভাৱে কাম কৰি আহিছে৷বায়ুসেনা বাহিনীৰ পোচাক পৰিধান কৰা সাহসী পুৰুষ আৰু মহিলাসকল দেশৰ সুৰক্ষাৰ প্ৰতি অহা যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ৷ গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বায়ুসেনা বাহিনীৰ ১১৮ নং হেলিকপ্তাৰ উইংটোৰ এক উজ্জ্বল অধ্যায় আছে ৷ উইংটোৰ একনিষ্ঠ সাধনা,ব্যক্তিগত দক্ষতা,আৰু প্ৰতিকূল পৰিবেশত দেখুওৱা সাহসিকতাৰ কাৰণে আজি প্ৰেছিডেনছিয়েল ষ্টেটাছ প্ৰদান কৰা হৈছে ৷

ইফালে অনুষ্ঠানটোত বায়ুসেনাই আকাশমাৰ্গত বিভিন্ন কলা কৌশলপূৰ্ণ অনুষ্ঠান প্ৰদৰ্শন কৰে৷ অন্যহাতে,বায়ুসেনাৰ বিভাগটোৱে বিভিন্ন সময়ত "আপাষ্টু মিত্ৰম" ইয়াৰ অৰ্থ হ’ল বিপদৰ বন্ধু হৈ কাম কৰি আহিছে৷উল্লেখ্য যে,বৃহস্পতিবাৰে বায়ুসেনাৰ অনুষ্ঠানটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যপাল জগদীশ মুখিৰ লগতে বায়ুসেনাৰ বিষয়াসকল ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com