সমাগত লোকসভা নিৰ্বাচনঃ তেজপুৰ সমষ্টিত বিজেপি কংগ্ৰেছৰ প্ৰস্তুতি তুংগত

সমাগত লোকসভা নিৰ্বাচনঃ তেজপুৰ সমষ্টিত বিজেপি কংগ্ৰেছৰ প্ৰস্তুতি তুংগত

লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন ৷ ৰাজ্যৰ সৰ্বত্ৰে সম্প্ৰতি নিৰ্বাচনৰ প্ৰস্তুতি ৷ অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১১ এপ্ৰিলত ৷ তাৰ মাজতে তেজপুৰ লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দিতা হৈ পৰিছে লক্ষ্যনীয় ।বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে যদি বিকাশৰ কাৰণে ভোট বিচাৰিছে,তেন্তে কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুয়ে ৩৬ বছৰীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভোট বিচাৰিছে ৷

পল্লৱ লোচন দাস আৰু এমজিভিকে ভানুৰ ওপৰিও তেজপুৰ লোকসভা নিৰ্বাচন ক্ষেত্ৰত অন্যান্য পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ ভিপিআইৰ মহেন্দ্ৰ ওৰাংগ, এনচিপিৰ মহেন্দ্ৰ ভূঞা,অসম আধিবাসী ৰাষ্ট্ৰীয় দলৰ বিজয় কুমাৰ তিৰু, এনপিপিৰ ৰাম বহাদুৰ সোনাৰ, নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ১৮৮০ লোকসভা নিৰ্বাচনৰ ভোটদান কেন্দ্ৰৰ নিৰ্বাচন ক্ষেত্ৰত ১৪,৯৪,৮৭৮ জন ভোটদাতা আছে ৷ সম্প্ৰতি,বিজেপিৰ আসনত আছে আৰ পি শৰ্মা৷ ইফালে, বিজেপিয়ে টিকট দিয়াৰ পৰা বিৰত থাকে আৰ পি শৰ্মাক ৷

২০১৪ চনত আৰ পি শৰ্মাই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিদ্বন্দি প্ৰাৰ্থী ভূপেন কুমাৰ বৰাক ৮৬,০২০ ভোটৰ ব্যৱধানত পৰাজয় কৰে। আৰ পি শৰ্মাই ভোট লাভ কৰিছিল ৪,৪৬,৫১১ টা আৰু ভুপেন কুমাৰ বৰাই লাভ কৰে ৩,৬০,৪৯১ টা ভোট। ঢেকিয়াজুলী,বৰচলা, তেজপুৰ,ৰঙাপাৰা, চতিয়া,বিশ্বনাথ,বিহালী,গহপুৰ আৰু বিহপুৰীয়াকে ধৰি নটা বিধানসভা সমষ্টি আছে তেজপুৰ লোকসভা সমষ্টিত। ইয়াৰে আঠখন আসনত আছে বিজেপিৰ ওচৰত আৰু অন্য এখন আছে অসম গণ পৰিষদৰ ওচৰত ৷

অন্যহাতে সমষ্টিটোৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষিপ্ৰ গতিত লোকসভা নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ দ্বিতীয়তে কংগ্ৰেছৰ এমজিভিকে ভানুৰ কাৰণে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৩ এপ্ৰিলত নিৰ্বাচন ক্ষেত্ৰত প্ৰচাৰ কৰিছে। দ্য চেন্টিনেলৰ আগত হোৱা এক সাক্ষাতকাৰত লোকসভা নিৰ্বাচনৰ সম্পৰ্কত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে কয় যে, নিৰ্বাচন ক্ষেত্ৰত বিকাশ আৰু সুৰক্ষা মোৰ লক্ষ্য ৷ এই নিৰ্বাচন ক্ষেত্ৰখনত কোনো বিশেষ উদ্যোগ নাই ৷ পতঞ্জলি,ডাবৰ বিজেপি শাসনলৈ অহাৰ পিছতহে আহিছে ৷

পল্লৱ লোচন দাসে লগতে কয় যে নিৰ্বাচন ক্ষেত্ৰত বহু ক্ষুদ্ৰ চাহ খেতিয়ক আছে ৷ আৰু তেওঁলোকে এটা এটা পাতৰ মূল্য লাভ নকৰে ৷ ইয়াৰোপৰি ইয়াৰ কাৰণে খেতিয়কসকলে উচিত প্ৰাপ্য লাভ নকৰে ৷ তেওঁলোকক পাৰিশ্ৰমিক মূল্য দিয়াটো হৈছে দ্বিতীয় অগ্ৰাধিকাৰ । সাংস্কৃতিক ক্ষেত্ৰখনৰ সন্দৰ্ভত পল্লৱ লোচন দাসে কয় যে তেজপুৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট সমৃদ্ধিশালী ৷

কিন্তু তেজপুৰৰ বৰ্ষপূৰণি এইসমূহ সামগ্ৰীক সংৰক্ষণ কৰাটো সহজ নহয়। আনহাতে, দ্য চেন্টিনেলৰ আগত হোৱা এক সাক্ষাতকাৰ এমজিভিকে ভানুৱে কয় যে, মই অসমত ৩৬ বছৰ সেৱা কৰিছোঁ ৷ সেৱাৰ উপৰত ভিত্তি কৰি মোৰ বিশ্বাস আছে যে মই অসম আৰু তেজপুৰৰ সমস্যাসমূহক সংসদত উপস্থাপন কৰিম ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত এমজিভিকে ভানুৱে কয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ যদি নিৰ্বাচনত জয়ী হ’ও তেতিয়া বিধায়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ আশ্বাস দিয়ে এমজিভিকে ভানুয়ে ৷

লগতে ভানুৱে কয় তেজপুৰ নিৰ্বাচন ক্ষেত্ৰখনক বিকাশৰ ক্ষেত্ৰ খনত আৰু অধিক আগবঢ়াই নিবলৈ আঁচনি তৈয়াৰ কৰিছোঁ ৷ ইফালে লেখক,অনুবাদক ড° চৰিতা শৰ্মাই, এজন নাগৰিক হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক নিৰ্বাচন ক্ষেত্ৰৰ সমস্যা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান কৰে ৷ নিৰ্বাচন ক্ষেত্ৰসমূহত অসমীয়াৰ উপৰিও চাহ জনজাতি,নেপালী,বড়ো লোকসকলক আছে ৷উল্লেখ্য যে, ভোটগ্ৰহণ ১১ এপ্ৰিলত হোৱাৰ বিপৰীতে ফলাফল ঘোষণা হ’ব ২৩ মে’ত।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com