সীতানাথ বাৰালৰ বিৰুদ্ধে সত্ৰ মহাসভাৰ এজাহাৰ দাখিল

সীতানাথ বাৰালৰ বিৰুদ্ধে সত্ৰ মহাসভাৰ এজাহাৰ দাখিল

মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত অসম সত্ৰ মহাসভাই এজাহাৰ দাখিল কৰিছে। পতঞ্জলীৰ প্ৰতিস্থাপক বাবা ৰামদেৱে অসমবাসী ৰাইজৰ ওচৰত অপৰাধ স্বীকাৰ কৰি লিখিত কৈফিয়ৎ দিবলৈ অসম সত্ৰ মহাসভাই দাবী জনাইছে। নহলে অসমত থকা পতঞ্জলীৰ দোকান সমূহ বন্ধ কৰি দিয়া হব।

পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে মহাপুৰুষ শংকৰদেৱক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছতে সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম আদি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

সতীনাথ বাৰালে শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয় বুলি বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন । প্ৰতিবাদকাৰী সংগঠন কেইটাৰ দাবী শীঘ্ৰে সতীনাথ বাৰালে অসম বাসীৰ ওচৰত ক্ষমা খোজক ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com