সুৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এক বিশেষ পদক্ষেপ

সুৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এক বিশেষ পদক্ষেপ
Published on

ৰাজ্যত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰা সুৰা ট্ৰেজেডীয়ে বিভিন্ন লোকৰ লগতে মহিলা সকলৰ জীৱন নিঃশেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) সুৰাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ আদেশ দিছে ৷মুখ্যমন্ত্ৰী সোনোৱালৰ অধ্যক্ষতাত এখন উচ্চ স্তৰীয় বৈঠকত অংশ লৈ মুখ্য সচিব আলোক কুমাৰে ৰাজ্যত লালীগুৰৰ উপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ কয় ৷ কাৰণ গুৰক এক নিছা জাতীয় বস্তু তৈয়াৰ কৰা হয় ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য সচিব আলোক কুমাৰক সকলো জিলা উপায়ুক্তলৈ গুড়ৰ উপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সৰ্বানন্দ সোনোৱালে ডিচিকে ধৰি সকলো ৰাজ্যৰ বিষয়া ববীয়ালৈ সকলো চাহ বাগান আৰু কাষৰীয়া অঞ্চল সমূহত সজাগতা অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ৷যাতে চাহ বাগান আৰু কাষৰীয়া অঞ্চলৰ লোকসকলৰ চুলাই সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে যে ক্ষতিকাৰক সেই সম্পৰ্কে জানিব পাৰে ৷ লগতে এই বৈঠকখনত সুৰা সেৱন কৰি জীৱন শেষ কৰা অভিভাৱকসকলৰ সন্তানসকলক চোৱা চিতা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে এই বৈঠক খনত চাহ জনজাতিৰ কল্যান মন্ত্ৰী পল্লৱ লোচন দাস,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভাৰতী,মুখ্য সচিব আলোক কুমাৰ,শ্ৰম বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সচিব জিষ্ণু বৰুৱা,প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব সঞ্জয় লোহিয়া আৰু ৰাজহ,আয়কৰ আৰু শ্ৰম বিভাগৰ বিষয় ববীয়া উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com