সৰ্বানন্দ সোণোৱালক মাতৃৰ আবেগক স্বীকাৰ কৰাৰ বাবে আহ্বান অতুল বৰাৰ

সৰ্বানন্দ সোণোৱালক মাতৃৰ আবেগক স্বীকাৰ কৰাৰ বাবে আহ্বান অতুল বৰাৰ

বিজেপি চৰকাৰৰ পৰা অলপতে পদত্যাগ কৰা সহযোগি দল অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰীয়ে বুধ বাৰে পদত্যাগ কৰাৰ সম্ভাৱনা আছে।নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰাৰ বাবে কিছুদিন ধৰি দিল্লীত বাহৰ পাতি থকা অসম গণ পৰিষদৰ নেতা কেইজন সোমবাৰে ৰাতি গুৱাহাটীত আহি উপস্থিত হয় আৰু গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগেই নেতা কেইগৰাকীক দলীয় কৰ্মী সকলে অসমীয়াৰ আবেগৰ পক্ষত সিদ্ধান্ত লোৱাৰ বাবে উষ্ম আদৰণি জ্ঞাপন কৰে। দলৰ সভাপতি অতুল বৰাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন সম্পৰ্কত কোনো ধৰণৰ যোগাত্মক সহাৰি লাভ নকৰা বুলি উল্লেখ কৰে।

অতুল বৰাই কয় যে আমি সোণোৱালক আই এম ডি টি আইন বাতিল কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ কথা উল্লেখ কৰি এই বিধেয়কখন সংসদত গৃহীত হলে অসমৰ বাবে ডাঙৰ ক্ষতি হব বুলি কৈছিলো। মুখ্যমন্ত্ৰী হিচাপে সোণোৱালে ৰাজ্যত বিধেয়ক খন বাতিল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী জনৰ পৰা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখা নাপালো। আমি বিধেয়ক খন সন্দৰ্ভত অন্তিম বাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ বাবে অনুমতি বিছাৰিছিলো কিন্তু আমাক মুখ্যমন্ত্ৰীয়ে বৈঠকৰ বাবে অনুমতিয়ে প্ৰদান নকৰিলে। বৰাই আবেগিক ভাবে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে তেওঁ মাকক বিধেয়ক খনৰ প্ৰসংগত শোধাত মাকে কয় যে ৰাজ্যৰ বাবে বিধেয়ক খন এটা জলন্ত সমস্যা আৰু অসমৰ জনসাধাৰণে এই বিধেয়ক খনৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে তয়ো এই ক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণৰ পক্ষ লোৱা উচিত। সোমবাৰে আমাৰ দলে বিজেপিৰ লগত মিত্ৰতা ৰক্ষা কৰি থকাৰ সময়ত মোৰ মায়ে ফোন যোগে মোক কৈছিল তোমালোকে এই সময়ত কি কৰি আছা?

বৰাই এই কথা সংবাদ মেলত প্ৰকাশ কৰি আকৌ কয় যে সৰ্বানন্দ সোণোৱাল আৰু মই দুয়ো অসম আন্দোলনত অংশগ্ৰহণ কৰা সক্ৰিয় কৰ্মী, এই সময়ত মোৰ মাতৃ আৰু সোণোৱালৰ মাতৃৰ মনত কি চলি আছে সেয় কথা মই ভালকৈ বুজি পাওঁ। এতিয়া সৰ্বানন্দ সোণোৱালে চকু বন্ধ কৰি নিজ মাতৃক এই সম্পৰ্কে প্ৰশ্ন কৰা উচিত আৰু মই নিশ্চিত যে মোৰ আই আৰু সৰ্বানন্দ সোণোৱালৰ আইৰ সিদ্ধান্তৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাথাকিব। অতুল বৰাই আকৌ সাংবাদিকৰ আগত কয় যে বহু লোকে বিধেয়ক খন সন্দৰ্ভত আমাৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰিছিল। আমি প্ৰথমৰে পৰা বিধেয়ক খন সন্দৰ্ভত চৰকাৰৰ মজিয়াত থাকি শেষ মহুৰ্তলৈ যুজ কৰি যাম বুলি কৈ আছিলো আৰু আমি আমাৰ কথা ৰাখিলো। ৰাজনাথ সিঙে বিধেয়ক খন সদনত গৃহীত কৰিবই বুলি কোৱাৰ সময়ত আমি দলৰ লগত নথকাৰ সিদ্ধান্ত ৰাজহুৱা কৰিলো। অসম গণ পৰিষদৰ আন এজন নেতা ফনীভুষণ চৌধুৰীয়ে বুধবাৰে অগপৰ মন্ত্ৰী তিনিজনে পদত্যাগ কৰিব বুলি উল্লেখ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com