৪০ লাখ বিদেশীৰ সন্দৰ্ভত বিজেপিৰ অধ্যক্ষ অমৃত শ্বাহৰ প্ৰতিক্ৰিয়া

৪০ লাখ বিদেশীৰ সন্দৰ্ভত বিজেপিৰ অধ্যক্ষ অমৃত শ্বাহৰ প্ৰতিক্ৰিয়া

বিজেপিৰ সভাপতি অমিত শ্বাহে বুধবাৰে আশ্বাস প্ৰদান কৰে যে চৰকাৰে প্ৰায় ৪০ লাখ বিদেশীক চিনাক্ত কৰণ কৰিছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনআৰচিৰ জৰিয়তে ৪০ লাখ লোকক চিনাক্তকৰণ কৰিছে ৷

ইফালে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক কটাক্ষ কৰি অমিত শ্বাহে কয় যে শৰদ পাৱাৰ,মমতা বেনাৰ্জী,অখিলেখ যাদৱ,মায়াৱতী সকলোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁলোকক কিয় নিৰ্বাসিত কৰা হৈছে,তেওঁলোক ক’ত যাব,তেওঁলোকৰ মানৱ অধিকাৰৰ কি হ’ব,আদি বিভিন্ন প্ৰশ্ন কৰে চৰকাৰক ৷ মহাৰাষ্ট্ৰৰ চাংগলীত হোৱা এক নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহে ৷

মন কৰিবলগীয়া কথা এয়ে যে যিসময়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াৰ কাম হৈ আছে ৷ তেনে সময়তে ৪০ লাখ বিদেশীৰ সন্দৰ্ভত অমিত শ্বাহে এই মন্তব্য প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com