ৰাজ্যৰ ৭৫৪ খন অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে মোকৰ্দমা দাখিল

ৰাজ্যৰ ৭৫৪ খন অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে মোকৰ্দমা দাখিল

যিটো সময়ত সমগ্ৰ ৰাজ্যত অবৈধ ফাৰ্মাচীয়ে শন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সেই সময়ত নতুনকৈ মুকলি কৰা ফাৰ্মাচি পঞ্জীয়ন আৰু অনুসৰণ পদ্ধতিয়ে এই সমুহ ফাৰ্মাচীক নাকী লগোৱাৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে। ফাৰ্মাচী পঞ্জীয়ন আৰু অনুসৰণ, ভাৰতীয় ফাৰ্মাচী পৰিষদৰ দ্বাৰা নতুনকৈ মুকলি হোৱা এক পদ্ধতি যাৰ দ্বাৰা ডিজিটেল মাধ্যমত ফাৰ্মাচী সমুহৰ গতি-বিধিৰ ওপৰত নজৰ ৰাখিব পৰা যাব। ইতিমধ্যে ৰাজ্যিক দিল্লী পৰিষদৰ অন্তৰ্গত ফাৰ্মাচী সমুহত পৰীক্ষামুলকভাৱে ইয়াক প্ৰয়োগ কৰা হৈছে ।ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশৰ বাবে ইয়াক লাঘু কৰা হব।

অসম ফাৰ্মাচী পৰিষদৰ পঞ্জীয়ক ভূৱন চন্দ্ৰ দাসে চেণ্টিনেলক দিয়া তথ্য অনুসৰি ৰাজ্যত প্ৰায় ৮৬০০ খন ফাৰ্মাচী আছে আৰু সীঘ্ৰেই এক পৰিকল্পিত ব্যাৱস্থাৰ দ্বাৰা এই ফাৰ্মাচী সমুহক পঞ্জীয়নৰ আওঁতালৈ অনা হব।দাসে আৰু কয় যে নতুনকৈ মুকলি কৰা ফাৰ্মাচী পঞ্জীয়ন আৰু অনুসৰণ পদ্ধতিৰ দ্বাৰা অবৈধ ফাৰ্মাচী সমুহ সহজে চিনাক্ত কৰিব পৰা যাব আৰু গ্ৰাহকেও ডিজিটেল মাধ্যমেৰে দৰকাৰী ফাৰ্মাচী সমুহৰ পৰা প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব। ইতিমধ্যে দিছপুৰ পুলিছ থানাত ভূৱা ফাৰ্মাচী সমুহৰ বিৰুদ্ধে মোকৰ্দমা দাখিল কৰা বুলি অসম ফাৰ্মাচী পৰিষদে জানিবলৈ দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com