ৰাম মাধৱৰ অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত বিবেচনা কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম গণ পৰিষদই

ৰাম মাধৱৰ অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত বিবেচনা কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম গণ পৰিষদই

শুক্ৰবাৰে গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱে অসম গণ পৰিষদক (AGP) মিত্ৰতা সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ প্ৰসংগত আহ্বান কৰাৰ পিছত, অসম গণ পৰিষদে মন্তব্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰে স্থিতি পৰিৱৰ্তন কৰিলেহে মিত্ৰতাৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিব অগপই। অন্যথা কোনো সিদ্ধান্ত নলয় অগপই ৷ইফালে সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত এজিপিৰ মহাসচিব আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় যে,যেতিয়ালৈকে বিধেয়কখন চৰকাৰে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ নকৰে ৷ তেতিয়ালৈকে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহন কৰাৰ প্ৰশ্নই নাহে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ২০১৬, ইতিমধ্যে লোকসভাত গৃহীত কৰা হৈছে ৷ লগতে ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় যে সম্প্ৰতি বিধেয়কখনৰ সন্দৰ্ভত জনসাধাৰণে ৰাজপথ উত্তাল কৰিছে৷ ইয়াৰ লগতে এজিপিয়ে ১৮ জানুৱাৰীত বিধেয়কখনৰ বিৰুদ্ধে এক বিশাল ৰেলী আয়োজন কৰাৰ কথা কয় ৷ ইফালে এজিপি বিধায়কে দ্বিতীয় বাৰৰ কাৰণে ১০ ঘন্টাৰ এক ভোক হৰতাল ৰেলীৰ আয়োজন কৰিছে ৷উল্লেখ্য যে,বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱে অসম গণ পৰিষদক আহ্বান কৰিছে যে চলিত চৰকাৰখনৰ লগত কৰা মিত্ৰতা ভংগৰ সিদ্ধান্তক পুনৰাই বিচাৰ কৰে ৷লগতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে এক সংকেট দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক ৰাজ্যসভাত চৰ্চা কৰিবলৈ আহিব পাৰে ৷

শুক্ৰবাৰে গুৱাহাটীত অটল বিহাৰী বাজপেয়ীৰ ভৱনত সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত ৰাম মাধৱে কয় যে আমি এজিপিক আহ্বান কৰিছোঁ যাতে তেওঁলোকে দিছপুৰত চৰকাৰৰ লগত লোৱা মিত্ৰতা ভংগৰ সিদ্ধান্তক পুনৰাই বিচাৰ কৰে ৷ ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই পৰ্যন্ত তিনিজন এজিপি মন্ত্ৰীৰ পদত্যাগ পত্ৰ ৰাজভৱনলৈ প্ৰেৰণ কৰা নাই ৷মুখ্যমন্ত্ৰী সোনোৱালে আশা কৰিছে যে এজিপি নিজৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিব ৷২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু এজিপিয়ে মিত্ৰতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । আৰু ৰাজ্যবাসীয়ে তেওঁলোকক সহাঁৰি দিছিল ৷অন্যহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত বিতৰ্ক অব্যাহত থাকোঁতেই ৯ জানুৱাৰীত এজিপিৰ তিনিজন মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত,আৰু ফণী ভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দিয়ে ।

ৰাম মাধৱে লগতে মন্তব্য কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সম্প্ৰতি ৰাজ্যবাসী উত্তাল হৈ আছে ।ইয়াৰে কিছু সংখ্যক লোকে বাস্তৱিক ৰূপত প্ৰতিবাদ কৰিছে ৷অন্যান্য কিছুৱে কৰিছে ৰাজনৈতিক লাভালাভৰ কাৰণে ।ৰাজ্যখনত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে বিধেয়কখনত বিৰোধ কৰা লোক এতিয়াও আছে ৷ বিধেয়ক খনক অনাৱশ্যক ৰূপত বিৰোধ কৰি আছে ৷ এই বিধেয়কখন কেৱল অসম কাৰণে নহয় ।সমগ্ৰ দেশৰ কাৰণে৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই বিধেয়কখন গৃহীত হ’লে বাংলাদেশৰ পৰা প্ৰায় ১.৯০ কোটি লোক ভাৰতত প্ৰবেশ কৰিব ।এই তথ্য সমূহ সছাঁ নহয় । এই মন্তব্য ৰাম মাধৱৰ৷ লগতে ৰাম মাধৱে কয় যে বিভাজনৰ সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বৰ কাৰণে অসমৰ লোকসকল সুৰক্ষিত হৈছিল ৷ অৱশ্যে ইয়াৰে কিছু সংখ্যক লোক বিভাজনৰ সন্মুখীন হ’ব লগীয়া হয় ।এই লোকসকলক ভাৰতে গ্ৰহণ কৰিব লাগিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com