ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ প্ৰতিক্ৰিয়া
Published on

সমাগত লোকসভা নিৰ্বাচন ৷ আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকত্ব পঞ্জীৰ (National Register of Citizens )সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ প্ৰতিক্ৰিয়া ৷ উচ্চতম ন্যায়ালয়ে মংগলবাৰে প্ৰতিক্ৰিয়া কৰে যে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা নাই। অসম চৰকাৰৰ ফালৰ পৰা চ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে লোকসভা নিৰ্বাচনৰ কাৰণে চুড়ান্ত ভোট গ্ৰহণ পৰ্যন্ত্য এন আৰ চি ৰ কাম কাজ স্থগিত কৰিব ।ইফালে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এন্টনী জেনেৰেল কে কে বেনুগোপালে কয় যে আদালতৰ সন্মুখত দিয়া তথ্য অনুসৰি এনআৰচিৰ কাম কাজৰ প্ৰক্ৰিয়াসমূহ আৰু দুই সপ্তাহলৈ বৃদ্ধি কৰিব পাৰে ৷

অন্যহাতে এন আৰ চিৰ কেন্দ্ৰ সমূহত নিয়োজাত থকা ১৬৭ টা কম্পেনীক পুনৰ ঘূৰাই নিয়াৰ কাৰণে শীৰ্ষ আদালতত অনুমতি বিচাৰে ৷ কেন্দ্ৰ চৰকাৰ মতে,লোকসভা নিৰ্বাচনত যাতে আইন কানুনৰ পৰিস্থিতি নিয়ন্ত্ৰণ হৈ থাকে,তাৰ কাৰণে এন আৰ চিৰ কেন্দ্ৰ সমূহত নিয়োজিত সেনা সকলক প্ৰত্যাহাৰ কৰা হ’ব ৷ইফালে চৰকাৰৰ মতে এন আৰ চিৰ আপডেটৰ কাৰণে প্ৰায় ৫০,০০০ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগতে দিল্লী দিছপুৰৰ চৰকাৰৰ অনুসৰি এন আৰ চিৰ কাম কাজৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচন আয়োজিত কৰাঁটো অন্তত্য দুখজনক ৷চৰকাৰে উচ্চতম ন্যায়ালয়ক কয় যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক পৰিস্থিতিৰ মাজত এন আৰ চিৰ দাবী আপত্তি শুনানিৰ বিষয়টো অনুকূল ন’হ’ব ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়মূৰ্তি ৰোহিন্টন নাৰিমানৰ খণ্ড বিচাৰপীঠে কয় যে এই সময়ত আমি কোনো ধৰণৰ অনুৰোধৰ ওপৰত কোনো ধৰণৰ মন্তব্য নিদিওঁ ৷অৱশ্যে, এই ক্ষেত্ৰত চূড়ান্ত এন আৰ চি প্ৰকাশিত কৰাৰ ক্ষেত্ৰত ২০১৯ চনৰ ৩১ জুলাইয়ে ধাৰ্য কৰা হৈছে ৷ এন আৰ চিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয় যে মোৰ অনুভৱ হয় যে গৃহ মন্ত্ৰ্যালয়ে এন আৰ চিৰ ক্ষেত্ৰত সময়মতে যাৱতীয় কামসমূহ কৰিব বিচৰা নাই ৷ মন্ত্ৰ্যালয়ৰ সম্পূৰ্ণ প্ৰয়াস যে এন আৰ চিৰ প্ৰক্ৰিয়া সমূহ ধ্বংস কৰাৰ চেষ্টা কৰিছে ৷যদি আপোনালোকে বিচাৰিছে এন আৰ চিৰ প্ৰক্ৰিয়াসমূহ সম্পন্ন হওক তেন্তে এই প্ৰক্ৰিয়া সমূহ কৰাৰ ১০০১ টা প্ৰক্ৰিয়া আছে ৷

উল্লেখযোগ্য যে ,শীৰ্ষ আদালতে নিৰ্বাচন আয়োগক কয় যে এই সন্দৰ্ভত তদন্ত কৰক আৰু সকলো তথ্য আদালতত দাখিল কৰক ৷লগতে শীৰ্ষ আদালতে নিৰ্বাচন আয়োগক কিছুমান ৰাজ্যৰ বিষয়াসকলক নিৰ্বাচনৰ দায়িত্বৰ পৰা অব্যাহতি দিবৰ কাৰণে কয় যাতে এন আৰ চি প্ৰক্ৰিয়া সুকলমে হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com