ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ আপত্তি প্ৰক্ৰিয়া প্ৰত্যাহবানেৰে পৰিপূৰ্ণ: আছু

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ আপত্তি প্ৰক্ৰিয়া প্ৰত্যাহবানেৰে পৰিপূৰ্ণ: আছু

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম থকা সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে আপত্তিৰ আবেদন প্ৰক্ৰিয়া বাস্তব আৰু কাৰ্য্যকৰী ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহবান পূৰ্ণ বুলি সদৌ অসম ছাত্ৰ সন্থাই মন্তব্য কৰে। দৰাচলতে দাবী আৰু আপত্তিৰ বাবে থাকিব লগীয়া প্ৰয়োজনীয় সুবিধা নথকা বাবে নাগৰিক পঞ্জী উন্নীত কৰণৰ সময়ত যথেষ্ট কম সংখ্যক লোকে আপত্তি সমূহৰ আবেদন কৰিছে বুলি ছাত্ৰ সংগঠনটোৱে কয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে অসমৰ এতিয়াও বহু অঞ্চলত সন্দেহ যুক্ত নাগৰিকে দমন কৰি আছে, সেই অঞ্চল সমূহত এনে সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে আপত্তিৰ আবেদন কৰিব যোৱাটো জীৱনৰ নিৰপত্তাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে।

ছাত্ৰ সংগঠনটোৰ সভাপতি জনে সেইকাৰণে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক আৰু অৱসৰ প্ৰাপ্ত বিচাৰকৰে গঠিত স্থানীয় সাংবিধানিক সমিতিখনক উচ্চতম ন্যায়ালয়ক লিখিত ভাবে এই বাস্তব আৰু কাৰ্য্যকৰী দিশ সমূহৰ বিষয়ে জনাবৰ বাবে অনুৰোধ কৰা বুলি উল্লেখ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে সন্দেহ যুক্ত নাগৰিকৰ বিপক্ষে আবেদন কৰিব বিছৰা বহু লোক আমাৰ ওচৰলৈ আহিছে আৰু তেওঁলোকে নিৰ্ধাৰিত কেন্দ্ৰসমূহত আবেদন কৰাৰ সময়ত নিৰাপত্তাৰ অভাৱ অনুভব কৰাৰ বাবে এই সন্দেহযুক্ত নাগৰিক সকলৰ বিপক্ষে আবেদন কৰিবলৈ সংকোচ বোধ কৰা বুলি মন্তব্য কৰে। এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশৰ বাবে নাগৰিক পঞ্জী কতৃপক্ষই এনে সময়ত শিথিল হৈ বহি থাকিলে নহব বুলিও দিপাংক নাথে কয়।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে পুনৰ উনুকীয়াই যে কিয় সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে আবেদন কৰিব বিছৰা সকলে ৰাজ্যৰ যিকোনো এন আৰ চি কেন্দ্ৰত এনে নাগৰিকৰ বিপক্ষে আবেদন কৰিব পাৰে য'ত আবেদন কাৰীয়ে নিজকে সুৰক্ষিত অনুভৱ কৰিব।আবেদন কাৰী সকলে যাৰ বিপক্ষে আবেদন কৰিব সেই লোকজনৰ এন আৰ চিত থকা এ এন আৰ নম্বৰটো দিব লাগিব। নিয়ম মতে আবেদন কাৰীয়ে ৰাজ্যৰ যিকোনো ঠাইতে নিজৰ আপত্তি সমূহৰ আবেদন কৰিব পাৰে, কিয় এনে সন্দেহযুক্ত লোকসকলৰ শুনানি জিলা মুখ্য কাৰ্য্যালয়ত কৰা হোৱা নাই য'ত আবেদন কাৰী জনে সুৰক্ষিত অনুভব কৰে বুলিও প্ৰশ্ন কৰে আছুৰ সভাপতি গৰাকীয়ে। যদিহে এন আৰ চি কতৃপক্ষই সমগ্ৰ ব্যৱস্থাটোত সাবধানতা

অবলম্বন নকৰে তেনে গোটেই নাগৰিক পঞ্জী প্ৰক্ৰিয়াটোৱে অৰ্থহীন হৈ পৰিব বুলিও আছুৰ সভাপতি জনে কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com