Top
Begin typing your search above and press return to search.

পত্নীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল সংগীত শিল্পী মানস ৰবীন

ফে’চবুক প’ষ্টৰ জৰিয়তে তেওঁ এইকেইদিন তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক নমুনা পৰীক্ষা কৰাবলৈ আৰু সতৰ্ক হ’বলৈ আহ্বান জনাইছে ৷

পত্নীসহ কৰনাত আক্ৰান্ত হল সংগীত শিল্পী মানস ৰবীন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2020 9:59 AM GMT

পত্নীসহ ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্ত হৈছে জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীন ৷ ক'ৰ'না পজিটিভ হোৱাৰ কথা এটা ফে'চবুক প'ষ্টযোগে শিল্পীজন নিজেই প্ৰকাশ কৰিছে ৷ একেটা ফে'চবুক প'ষ্টৰ জৰিয়তে তেওঁ এইকেইদিন তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক নমুনা পৰীক্ষা কৰাবলৈ আৰু সতৰ্ক হ'বলৈ আহ্বান জনাইছে ৷ দ্যা ছেণ্টিনেলৰ পৰা যোগাযোগৰ চেষ্টা কৰা হয় যদিও সেয়া সম্ভৱ নহ'ল ৷

ইপিনে, অসমকে ধৰি দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ ইতিমধ্যে ভাৰতে ক'ৰ'না আক্ৰান্তৰ ক্ষেত্ৰত ব্ৰাজিলক পিছপেলাই বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে ৷ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অসমতো ক'ৰ'না আক্ৰান্ত আৰু এই মহামাৰীত মৃতৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাই আছে ৷ যোৱা নিশা ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা এক লাখ ২৫হেজাৰৰো অধিক হৈছে ৷ কালিৰ দিনটোত ১০জন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰে ৷

আৰু পঢ়িব পাৰেঃ চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱকক মোকলাই অনাৰ দাবী সাংসদ গৌৰৱৰ

Next Story